ধুবুৰী হওক বা নগাঁও, গুৱাহাটী হওক বা আন প্ৰান্ত, সকলোতে নিজৰ চাপ ৰাখি মানুহৰ প্ৰিয় হ’ব পাৰিছে আনন্দ মিশ্ৰই (Anand Mishra)। কিন্তু কিয় আনন্দ মিশ্ৰক মানুহে ইমান ভাল পায়, বা কিয় তেওঁ অসমক ইমান ভাল পায়?
পাঠশালাত (Pathsala) সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অসম আৰক্ষীৰ (ক্রীড়া) সহকাৰী আৰক্ষী মহাপৰিদৰ্শক আনন্দ মিশ্ৰই (Anand Mishra) কয় যে প্ৰেম-ভালপোৱা বুজাব নোৱাৰা বিষয়। অসমখন তেওঁৰ তেওঁৰ সদায় নিজৰ যেন লাগে। যিদৰে তেওঁ কাৰণ নজনাকৈ ৰসগোল্লা ভালপায়, সেইদৰেই ভালপায় অসমকো। অসমৰ বাবে প্ৰাণ দিবলৈও প্ৰস্তুত বুলি মন্তব্য কৰে আনন্দ মিশ্ৰই।
দৰাচলতে দেশৰ ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা অসম আৰক্ষীলৈ (Assam Police) আগবঢ়োৱা সন্মান প্রেছিডেণ্ট কালাৰ্ছ এৱাৰ্ড লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এই সন্মানৰ গৌৰৱময় ধ্বজা কঢ়িয়াই ধুবুৰীৰ পৰা শদিয়ালৈ অসমজুৰি এটা বাইক ৰেলী বাহিৰ কৰিছে অসম আৰক্ষীয়ে।
অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই (Bhaskarjyoti Mahanta) দেওবাৰে এই বাইক ৰেলীৰ ধুবুৰীত ফ্লেগ অফ কৰাৰ পিছতে সোমবাৰে বজালী জিলাৰ পাঠশালাত ৯ জনীয়া আৰক্ষীৰ বাইক ৰেলীৰ দলসহ উপস্থিত হৈছিল আনন্দ মিশ্ৰ।
ইয়াৰ পিছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত অংশ লৈ আইপিএছ আনন্দ মিশ্ৰই (Anand Mishra) অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ প্ৰেচিডেণ্ট কালাৰ্ছ এৱাৰ্ডৰ বাবে নির্বাচিত হোৱাটো অসমৰ বাবে এক গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে।
‘সাধাৰণতে বহু মানুহে আৰক্ষী বিভাগৰ প্ৰতি বেয়া মনোভাব লৈ থাকে। ৰাইজে এনেকুৱা মনোভাব ৰখাটো অনুচিত। কিয়নো, অসম আৰক্ষীত কাম কৰা মই বা আন কোনোবা ব্যক্তিগতভাৱে বেয়া হ’ব পাৰোঁ, কিন্তু অসম আৰক্ষী কেতিয়াও বেয়া হ’ব নোৱাৰে।’’- এই মন্তব্য প্ৰদান কৰে আনন্দ মিশ্ৰই।
Photo & Input: Khatang Khobor
Discussion about this post