এতিয়াও সুস্থ নহয় অখিল গগৈ। GMCH কৰ্তৃপক্ষৰ মতে আৰু কিছুদিন চিকিৎসালয়ত থাকিব লাগিছিল অখিল। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে নিজেই ৰিলিজ ল’লে অখিলে। কৰ্তৃপক্ষৰ অনুমতি অবিহনেই ওলাই গৈছে চিকিৎসালয়ৰ পৰা।
প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল। বৃহস্পতিবাৰে NIAৰ গোচৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতেই চিকিৎসালয়ৰ পৰা গুচি যায় গগৈ।
এই ক্ষেত্ৰত জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই কয় যে, ডিচাৰ্জ শ্লীপত চহী কৰি নিজৰ দায়িত্ব নিজেই ল’ম বুলি কৈ GMCH এৰিলে অখিল গগৈয়ে। চহী কৰি ৰিলিজ লোৱাৰ কথা গৃহ বিভাগক পত্ৰযোগে জনালে অখিল গগৈয়ে।
Photo: Google





























Discussion about this post