মঙলদৈত (Mangaldoi) সংঘটিত হ’ল এক আজৱ ঘটনা (Horrific Incident) ৷ সুৰাৰ নিচাত নিজৰ গুপ্তাংগ (Cut Private Part) কাটি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ (Mangaldoi Civil Hospital) বিচনাত মৃত্যুৰে যুঁজ দিছে এজন লোকে। এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ ডেকাৰ গাঁৱত। এয়াই এই লোকজনৰ প্ৰথম ঘটনা নহয়।
পূৰ্বেও চাহাজুল আলী (Sahajul Ali) নামৰ লোকজনে ২০০৩ চনত সিংহৰ লগত এনিশা কটাই বাতৰি কাকতৰ শিৰোনাম দখল কৰিছিল। অসম ৰাজ্যিক চিৰিয়াখানাত সিংহৰ গঁৰালত নিদ্ৰা যাপন কৰিছিল লকোজনে। সিংহক খাদ্য দিবলৈ গৈ লোকজনক গঁৰালৰ ভিতৰত বহি থকা অৱস্থাত দেখা পাইছিল। পিছত বহু কৌশল কৰি চাহাজুলক বাহিৰলৈ উলিয়াই অনা হৈছিল।
এতিয়া লোকজনে নিজৰ গুপ্তাংগ কাটি হাস্পতালত মৃত্যুৰে যুঁজ দিছে। সম্প্ৰতি চাহাজুলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।
Photo & Input: Bhabesh Kalita
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/optical-illusion-viral-photo-find-hidden-animals/9063/
Discussion about this post