দক্ষিণ শালমাৰা (South Salmara) মাজেৰ আলগাত এগৰাকী প্ৰসূতিয়ে জন্ম দিলে অস্বাভাৱিক আকৃতিৰ এটি সন্তান। ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলটোত। মঙলবাৰে নিশা জৰুৱা মিনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এগৰাকী গৰ্ভৱতী মহিলাই (Pregnant Women) জন্ম দিয়ে ভেকুলী সদৃশ এটি পুত্ৰ সন্তান। অৱশ্যে জন্ম হোৱাৰ পাছতেই নৱজাতকটিৰ মৃত্যু হয়।

পুৱাৰে পৰা শিশুটিক চাবলৈ হাস্পতালখনত ৰাইজে ভিৰ কৰে। পদ্মেৰ আলগা গাঁৱৰ হাবিজুৰ ৰহমানৰ পত্নী মামণি খাতুনে জন্ম দিয়ে অস্বাভাৱিক আকৃতিৰ শিশুটি। মাতৃ মামনি খাতুন চিকিৎসালয়খনত বৰ্তমান চিকিৎসাধীন হৈ আছে ।
Photo & Input: SHAMIM JAKARIA





























Discussion about this post