চিকিৎসকৰ অদ্ভুত কাণ্ড! পেটত থকা শিশু অপৈনত হোৱাৰ বাবে অপাৰেচন (Operation) কৰি ওলিয়াই অনি আকৌ পেটত সোমাই থ’লে চিকিৎসকে। এই অভিযোগত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত (Karimganj Civil Hospital) উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।
অভিযোগ উত্থাপন হৈছে প্ৰসূতি চিকিৎসক আশিষ বিশ্বাসৰ বিৰুদ্ধে। চিকিৎসকৰ এনে কাণ্ডৰ বিৰুদ্ধে প্ৰসূতি বিভাগৰ সন্মুখত প্ৰতিবাদত বহে
ৰাষ্ট্ৰীয় বজৰং দলৰ (Bajrang Dal) সদস্যই।
কৰিমগঞ্জ চহৰৰ এম এম চি ৰোডৰ প্ৰসূতি মহিলা নেভি নমশূদ্ৰক পেটৰ বিষৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। ৭ মাহৰ অন্তসত্ত্বাগৰাকীক অপাৰেচন কৰি শিশুটিক ওলাই অনা হয়। কিন্তু শিশুটি আকাৰত সৰু হোৱাৰ বাবে আকৌ পেটত সোমাই দিয়াৰ গুৰুতৰ অভিয়োগ চিকিৎসক আশীষ বিশ্বাসৰ বিৰুদ্ধে।
কিন্তু প্ৰসূতিগৰাকীৰ অৱস্থাৰ অৱনতি ঘটাত পুনৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰাষ্ট্ৰীয় বজৰং দলে প্ৰসূতি বিভাগৰ আগত প্ৰতিবাদ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰু চিকিৎসকৰ পঞ্জীয়ন বাতিলৰ দাবী জনায়।
Photo & Input: Sujoy shyam
Published By: Dulu Medhi





























Discussion about this post