শনিবাৰে ৰঙিয়াবাসী (Rangia) ৰাইজ সাক্ষী হৈ ৰ’ল এক আজৱ ঘটনাৰ (Ajab Incident)। কোনোদিনে নোহোৱা নোপজা ঘটনা এটা সংঘটিত হ’ল ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত। এতিয়া এই ঘটনাটোৱে আচৰিত কৰি তুলিছে সকলোকে।
ৰাজপথত গেলি-পচি যোৱা মৃত কুকুৰৰ মাংস ভক্ষণ কৰিলে এজন লোকে (A Man Eating Dead Dog Meat)। কিছুদিন পূৰ্বে ৰঙিয়াৰ (Rangia) ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাহনৰ খুন্দাত ছিন্ন বিছিন্ন হৈছিল কুকুৰটো। সেই গেলি পচি যোৱা মৃত কুকুৰটো সকলোৰে আগত ভক্ষণ কৰি সৃষ্টি কৰিছে এক নাভূত নাশ্ৰুত পৰিৱেশৰ।
ক্ষত বিক্ষত অৱস্থাত পৰি থকা কুকুৰটো ভক্ষণ কৰা লোকজন দুলীয়াজানৰ খগেন মোদক বুলি নিজকে চিনাকি দিছে। এই যুৱকজনে কি কাৰণত কুকুৰটো ভক্ষণ কৰিব লগা হৈছে এয়া এক নুবুজা সাঁথৰ।
খাদ্যৰ অভাৱত নে আন কি পৰিস্থিতিত যুৱকজনে এনেদৰে ৰাজপথত গেলি পচি যোৱা কুকুৰটো ভক্ষণ কৰিব লগা হ’ল সেই কথা জানিব পৰা হোৱা নাই। উল্লেখ্য, চৰকাৰে বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ সময়তো মানুহে এইদৰে কুকুৰৰ মাংস ভক্ষণ কৰিব লগা হোৱাতো পৰিতাপৰ কথা।
সচেতন ৰাইজে এইক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে।
Photo & Input: চফিকুল আহমেদ
Published By: Duly Medhi
Discussion about this post