মহানগৰীৰ (Guwahati) iSBTত পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ (Drugs Seized)। গড়চুক আৰক্ষীৰ (Gorchuk Police) অভিযানত জব্দ এই ড্ৰাগছ্খিনি। অভিযানত লগত আছিল যুটীয়া আৰক্ষী আয়ুক্ত। ৪ কোটি টকাৰ ড্ৰাগছসহ ( ৫০০ গ্ৰাম হেৰ’ইন) গ্ৰেপ্তাৰ তাছেৰ আলী ওৰফে চালেম আলীক।
চালেম আলীৰ পত্নী আলিয়াও জড়িত ড্ৰাগছ ব্যৱসায়ত। আলিয়াক ইতিমধ্যে কেইবাৰো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মণিপুৰৰ পৰা ISBTলৈ বাছযোগে সৰবৰাহ কৰিছিল ড্ৰাগছ (Drugs) । কটাহবাৰীত বাহৰ পাতি সৰবৰাহৰ লগতে ব্যৱসায় চলাই আছিল নিষিদ্ধ ড্ৰাগছৰ।
নিশা তাছেৰ আলী ওৰফে চালম আলীয়ে পত্নী আৰু আন এজন সৰবৰাহকাৰীৰ বাসগৃহ দেখুৱাব নিম বুলি আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰিছিল। তেতিয়াই আৰক্ষীয়ে ড্ৰাগছ পেডলাৰ তাছেৰ আলীক এনকাউণ্টাৰ (Encounter) কৰিবলৈ বাধ্য হয়। সোঁ ভৰিত আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) চিকিৎসাধীন তাছেৰ ওৰফে চালেম। পত্নী আলীয়াকো গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
Photo & Input: Khatang Khobor





























Discussion about this post