অসম আৰক্ষীৰ (Assam Police) পুনৰ এনকাউণ্টাৰ (Encounter)। এইবাৰ আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত (Dacoit) মনজিৎ বসুমতাৰী। চিৰাঙৰ (Chirang) হাগ্ৰামা দলঙৰ (Hagrama Bridge) সমীপত নিশা সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। নিহত ডকাইতটো চিৰাঙৰ কিষাণবাজাৰ-খামাৰপাৰাত সংঘটিত ৰাজা বড়ো (২০)ৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল। হত্যাকাণ্ডৰ এদিন পিছতে আটক কৰা হৈছিল মনজিৎ বসুমতাৰী। বৰ্তমান চিৰাঙৰ JSB হাস্পতালত ৰখা হৈছে মনজিতৰ মৃতদেহ।
নিশা ডকাইত মনজিত বসুমতাৰীয়ে অসমৰ পৰা পলায়ন কৰাৰ উদ্দেশ্যে বঙাইগাঁও ৰে’লষ্টেচন অভিমুখে গৈ থকাৰ সময়তে ৰে’লষ্টেচনৰ সমীপৰ ৰে’লগেটৰ পৰা চিৰাং আৰক্ষীয়ে আটক কৰিছিল। তাৰ পিছত চিৰাং আৰক্ষীয়ে (Chirang Police) মনজিত বসুমতাৰীক মঙলবাৰে নিশা ৰাজা বড়োৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো উলিয়াই দিবলৈ সোধা-পোছা কৰাত মনজিতে পিষ্টলটো আই নৈৰ হাগ্ৰামা দলঙৰ তলত লুকুৱাই ৰখাৰ কথা কৈছিল।
পিছত আৰক্ষীৰ দলে মনজিত বসুমতাৰীক লগত লৈ হাগ্ৰামা দলঙৰ ওচৰত লৈ যোৱাত মনজিতে মাটিৰ তলত লুকাই ৰখা পিষ্টলটো দেখুৱাই দি এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা চলাইছিল।
লগে লগে আৰক্ষীয়ে খেদি খেদি গৈ গুলীচালনা কৰাত মনজিত বসুমতাৰী গুলীবিদ্ধ হৈ বাগৰি পৰে (Dacoit Died Police Firing)। পিছত আৰক্ষীয়ে গুলীবিদ্ধ মনজিত বসুমতাৰীক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মনজিত বসুমতাৰীক মৃত বুলি ঘোষণা কৰে।
সোমবাৰে নিশাও জিলাখনৰ দুটাকৈ ভিন্ন স্থানত সংঘটিত এনকাউণ্টাৰত দুটাকৈ দুৰ্ধৰ্ষ ডকাইতৰ মৃত্যু হৈছিল। এই এনকাউণ্টাৰত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
Photo & Input: News8 Northeast
Discussion about this post