মঙলদৈত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কৃষি বিভাগৰ বিষয়া গ্ৰেপ্তাৰ। ১৫,০০০ টকা লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে খাৰুপেটিয়া কৃষি খণ্ডৰ ADO জ্যোতিৰেখা দাসক।
কৃষকক ধান বিক্ৰী কেন্দ্ৰৰ চাৰ্টিফিকেট দিয়াৰ নামত ধন লৈছিল বিষয়াগৰাকীয়ে। খাৰুপেটীয়াৰ জয়নাল আবেদিন নামৰ এজন খেতিয়ক পৰা ধন দাবী কৰিছিল জ্যোতিৰেখা দাসে। আজি পুৱা ১০ বজাত বিষয়াগৰাকীয়ে মঙলদৈ শান্তিপুৰত পথৰ ওপৰতে ধন লৈ থাকোতে হাতে লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে বিষয়াগৰাকীৰ শান্তিপুৰত থকা ভাড়াঘৰতো তালাচী চলাই দুৰ্নীতি নিবাৰক শাখাই।
গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ ডি এছ পি মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত ১৪ জনীয়া দলে অভিযান চলাইছিল।
Photo: Khatang Khobor





























Discussion about this post