দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত (Guwahati Barsapara Cricket Stadium) অনুষ্ঠিত হয় ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ খেল। এই খেলৰ মাজতে দুটা ঘটনা সংঘটিত হয় যিয়ে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে। খেলৰ মাজতেই দুডাল সাপ ওলোৱাৰ লগতে ষ্টেডিয়ামৰ ফ্লাড লাইট হঠাৎ বন্ধ হৈ পৰিছিল। ১৫ মিনিটতকৈ অধিক সময় ধৰি বন্ধ হৈ পৰা ফ্লাড লাইটৰ ঘটনাটো সামাজিক মাধ্যমত ই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে (Floodlight Malfunction Pauses)।
ইফালে এই খেলৰ পিছতে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই (ACA Secretary Devajit Saikia)। শইকীয়াই খেলখন সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ আগবঢ়োৱা সকলক ধন্যবাদ জ্ঞাপন কৰে।
আনহাতে ষ্টেডিয়ামত সাপ ওলোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱজিৎ শইকীয়াই কয়- ‘সাপ ওলোৱাটো কোনো ইছ্যু নহয়! বেলেগ বেলেগ দেশতো সাপ ওলায়। সাপ ওলোৱাৰ বাবে সকলোৱে মনোৰঞ্জনহে পাইছে। ইফালে ফ্লাড লাইট বন্ধ হোৱা সন্দৰ্ভত তেওঁ কয় যে এটা সাধাৰন কাৰিকৰী ভুলৰ বাবে ১৫ মিনিটৰ বাবে ফ্লাড লাইট বন্ধ হৈ পৰিছিল। ইয়াৰ বাবে এপিডিচিএলৰ কোনো ভুল নাই।
Guwahati me Bharat aur dakshin africa T20 ke dauraan maidan me ghusa saamp #snake #T20WC2022 #Guwahati #viral #ViralVideo #khabreinexpress pic.twitter.com/65gi1t8Xcf
— Khabrein eXpress official (@KhabreineX07) October 3, 2022
ইয়াৰ লগতে খেলৰ সময়তে ষ্টেডিয়ামৰ ভিতৰত অধিক দামত খাদ্য সামগ্ৰী বিক্ৰী সন্দৰ্ভত উত্থাপন হোৱা অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেৱজিৎ শইকীয়াই কয় যে অধিক দৰত খাদ্য বিক্ৰী কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেনে লোকক গ্ৰেপ্তাৰৰ লগতে ৩ লাখ টকা পৰ্যন্ত জৰিমণা বিহা হ’ব বুলিও স্পষ্ট কৰি দিয়ে এচিএৰ সম্পাদক গৰাকীয়ে।
Photo: News8 Northeast
Discussion about this post