আছু নেতা (Aasu Leader) অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ (Animesh Bhuyan Murder Case) লগত জড়িত আন এটা অভিযুক্তক (Culprit) গ্ৰেপ্তাৰ (Arrest) কৰে যোৰহাট আৰক্ষীয়ে (Jorhat Police)। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম প্ৰিয়াংশু দাস ওৰফে তিলৌ।
তিলৌৰ ঘৰ যোৰহাটৰ বৰিগাঁৱত। শুকুৰবাৰে নিশা যোৰহাট আৰক্ষীয়ে (Jorhat Police) গ্ৰেপ্তাৰ কৰে তিলৌক। বৰ্তমানলৈকে যোৰহাট আৰক্ষীয়ে (Jorhat Police) অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ (Animesh Bhuyan Murder Case) লগত জড়িত ১৪টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
https://twitter.com/Jorhat_Police/status/1466842248604045312?s=20
যোৰহাট আৰক্ষীয়ে তিলৌ গ্ৰেপ্তাৰ হোৱাৰ খবৰ টুইটাৰ একাইণ্ট যোগে সদৰি কৰিছে। উল্লেখ্য যে, সেই হত্যাকাণ্ডৰ মূল অপৰাধী ক’লা ল’ৰা ওৰফে নিৰজ দাস ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ দুৰ্ঘটনাত পৰি মৃত্যু মুখত পৰিছে।
উল্লেখ্য ২৯ নৱেম্বৰত যোৰহাট চহৰত সংঘটিত হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে আছু নেতা (Aasu Leader) অনিমেষ ভূঞাক (Animesh Bhuyan)মৰিয়াই মৰিয়াই হত্যা (Murder) কৰিছিল। এই নিৰ্মম হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হত্যাকাণ্ডৰ সৈতে জড়িত ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/dog-rapes-nine-year-old-girl-arrests-by-police/4959/
Discussion about this post