যোৰহাটৰ (Jorhat) ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ (Horrific Clash) ঘটনা সংঘটিত হয়। যোৰহাট উন্মুক্ত যুৱকৰ গণ প্ৰহাৰত মৃত্যুক (Death) সাৱটে ছাত্ৰ সন্থা গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা (AASU) শিক্ষা সম্পাদক অনিমেশ ভূঞাই।
কেইবাজনো যুৱকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে আছু নেতাজনক। ঘটনাস্থলীত যোৰহাট আৰক্ষী (Jorhat Police) উপস্থিত হৈ আঘাত প্ৰাপ্ত যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ভয়ংকৰ মাৰপিট-
মৃত যুৱকজন সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক। গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় আন ২জন যুৱকো। ভিতৰত
আন আহত যুৱকৰৰ ভিতৰত এগৰাকী মৃদুস্মন্ত বৰুৱা, যি ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকাৰ লগতে সাংবাদিক হিচাপেও কৰ্মৰত। আন এগৰাকী যুৱকৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কোনো কামৰ বাবে তিনিও যুৱক যোৰহাট চহৰলৈ গৈছিল। তেনে সময়তে তেওঁলোকৰ সমুখত কোনো এক দুৰ্ঘটনাত পৰি যোৱা এগৰাকী লোকক সহায় কৰি উঠাই দিবলৈ যাওঁতেই সেই ঠাইত উপস্থিত থকা লোকে ভুল বুজি যুৱক কেইজনকেই দুৰ্ঘটনা কৰা বুলি গণ আক্ৰমণ চলাই বুলি অভিযোগ এগৰাকী ছাত্ৰ নেতাৰ (AASU Leader)।
বৰ্তমানে যোৰহাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। গণ আক্ৰমণত জড়িত থকা বহু লোকৰ নামো ইতিমধ্যে সংগ্ৰহ কৰিছে আৰক্ষীয়ে।
Photo & Input: জিণ্টু দেওধাই ফুকন
Discussion about this post