‘মোক চাকৰিটো পুনৰ ঘূৰাই দিয়ক; নহ’ লে মই স্কুলৰ ভিতৰতে ডিঙিত চিপ লৈ আত্মহত্যা (Suicide) কৰিম’- এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দুখ। এজন দুৰ্ভগীয়া শিক্ষক নাম প্ৰভাত চন্দ্ৰ বৰুৱা।
মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ঘৰ মঙলদৈ (Mangaldai) গধিয়া পাৰাত। প্ৰথমে প্ৰভাত চন্দ্ৰ বৰুৱাক মঙলদৈ বিদ্যাপীঠ স্কুল সমিতিয়ে বিদ্যালয়খনত যোগদান কৰিব দিছিল। পিছত চাকৰিটো নিয়মীয়া হ’ল।
১৯৯৪ চনৰ পৰা ১৯৯৬ চনলৈকে নিয়মীয়াভাবে তেওঁ চৰকাৰৰ পৰা দৰমহাও পায় আছিল। হঠাৎ খবৰ আহিল। আপোনাৰ চাকৰিটো স্থগিত ৰখা হৈছে। সেই যে স্থগিতৰ খবৰটো আহিল তেতিয়াৰ পৰা সুদীৰ্ঘ ২৫ বছৰ হ’ল এটকাও নোহোৱাকৈ আজিও প্ৰভাত চন্দ্ৰ বৰুৱাই বিদ্যালয়খনত কৰ্মৰত।
কেতিয়াবা আই এছ অফিচৰ পৰা চাকৰিৰ নামত কাগজ পত্ৰ বিচাৰি চিঠি আহে। জমা দিয়াৰ পিছতো ভাল খবৰটো নাহে। এতিয়া মোক স্কুলখনৰ পৰা খেদিও নিদিয়ে, দৰমহাও নিদিয়ে। মোৰ ছোৱালী তিনিটা। সিহঁতে কেতিয়াবা লঘোনে থাকে। স্কুলখনক বাদ দি একো কাম কৰিবও নোৱাৰোঁ। অৱশেষত, উপায় অন্তৰ হৈ চৰকাৰক অনুৰোধ জনাইছে মোক চাকৰিটো নিয়মীয়া কৰি দিয়ক। নহ’লে মই ডিঙিত চিপ লগাই আত্মহত্যা (Suicide) কৰিম।
Photo & Input: Bhabesh Kalita




























Discussion about this post