গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ (Batadrava Than) প্ৰণামী বাকচৰ ধনগণনা কাৰ্য সোমবাৰৰে পৰা আৰম্ভণি ঘটিছে। আজি ধন গননাৰ দ্বিতীয় দিনা পৰিচালনা সমিতিৰ সদস্য আৰু ভকত বৈষ্ণৱসকলে বাকচৰ ধন গণনা কৰি থাকোতে ধনৰ লগতে এটা মানিবেগৰ ভিতৰত ৪০ তোলা সোণ উদ্ধাৰ (Gold Recovered) কৰে।
এজন মহানুভৱ ভক্তই বটদ্ৰৱা থানলৈ (Batadrava Than) বুলি সোণখিনি আগবঢ়াই পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ জ্ঞাতাৰ্থে এখন কাগজত উল্লেখ কৰে যে তেওঁ দান সূত্ৰে আগবঢ়োৱা এই সোণখিনি কীৰ্তনঘৰৰ গুৰুআসনৰ চাৰিটা খুঁটাত লগালে তেওঁৰ জীৱন ধন্য হ’ব।
যি সময়ত একাংশ লোকে সাধাৰণভাৱে কিবা এপদ দান কৰিও নিজৰ নাম প্ৰকাশ কৰিব বিচাৰে সেই সময়ত এজন মহানুভৱ ভক্তই ২০ লাখ টকীয়া বজাৰ মূল্যৰ ৪০ তোলা সোণ দান কৰিও নিজৰ নাম প্ৰকাশ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা কথাটোৱে ভক্তৰ মহানুভৱতা চিন্তাৰ বহিঃপ্ৰকাশ ঘটা বুলিও বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে মত প্ৰকাশ কৰিছে।
বটদ্ৰৱা থানৰ ধন গণনাকাৰ্যত সেৱা আগবঢ়োৱা পৰিচালনা সমিতিৰ সদস্য আৰু ভকত বৈষ্ণৱসকলে সোণ দান কৰা মহানুভৱ ভক্তজনৰ মংগল কামণা কৰাৰ লগতে গুৰুজনাৰ সেৱাত ব্ৰতী থকাৰ ক্ষেত্ৰত তেওৰ সু-স্বাস্থ্যৰ গৰাকী হৈ থকাৰ বাবে আশীৰ্বাদ নিৰ্মালী প্ৰদান কৰে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post