লাহৰীঘাটত (Laharighat) জাল নোটসহ (Fake Note Recoverd) এজনক গ্ৰেপ্তাৰ। লাহৰীঘাটত আৰক্ষীৰ জালত পৰে জাল নোট সৰবৰাহকাৰী। চাৰি লাখ নব্বৈ হাজাৰ টকাৰ জাল নোটসহ আৰক্ষীৰ জালত পৰে এজন লোক। লাহৰীঘাট থানাৰ (Laharighat Police) অন্তৰ্গত বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মামনি কুমাৰীৰ নেতৃত্বত মঙলবাৰে গোপন সূত্ৰৰ পমখেদি বৰছলাৰ পৰা ৪ লাখ ৯০ হাজাৰ জাল নোটসহ সৰবৰাহকাৰীজনক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জালত পৰা জাল নোট সৰবৰাহকাৰী জন আবুল হুছেইন (Abul Hussein) বুলি জানিব পৰা গৈছে। ধৃত লোকজন নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শালমাৰাবড়ী গাঁৱৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি ধৃত লোকজনক লাহৰীঘাট আৰক্ষীয়ে সোধ-পোচা অব্যাহত ৰাখিছে। ধৃত লোকজনৰ পৰা দুই হাজাৰ আৰু পাঁচশ টকীয়াৰ চাৰি লাখ নব্বৈ হাজাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে।
Photo & Input: ছাদ্দাম হুছেইন
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/red-wine-reduces-the-risk-of-corona-infection/6291/
Discussion about this post