ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণকাণ্ড। এইবাৰ ঘটনাৰ স্থান বকোৰ সোনতলী। সোণতলীত চাৰি পাষণ্ডই মিলি ধৰ্ষণ কৰিলে এগৰাকী ৩৮ বছৰীয়া মহিলাক ৷ ঘটনা সন্দৰ্ভত আটক হবিবুৰ ৰহমান নামৰ এটা অভিযুক্ত ৷ টকা ধাৰে দিয়াৰ প্ৰলোভন দি এগৰাকী মহিলাক চাৰি পাষণ্ডই মিলি পথাৰলৈ নি ধৰ্ষণ কৰে।
দক্ষিণ কামৰূপৰ সোনতলীৰ জাওকাটাদিয়াত সংঘটিত হৈছে এই ঘটনা। গাঁওখনৰ আব্দুল মান্নান, সমচেৰ আলী আৰু মজিৰ আলী নামৰ তিনি পাষণ্ডই প্ৰথমে মহিলাগৰাকীক মাতি নি ধৰ্ষণ কৰে।
তাৰ পিছতে একে গাঁৱৰে হবিবুৰ ৰহমানে মহিলাগৰাকীক ঘৰলৈ লৈ যায় কিন্তু হবিবুৰেও মহিলাগৰাকীক ধৰ্ষণ কৰে। পিছত উপায়হীন মহিলাগৰাকীয়ে সোনতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু সোনতলী আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত হবিবুৰ ৰহমানক আটক কৰে।
কিন্তু অভিযুক্ত আব্দুল মান্নান, মজিৰ আলী আৰু সমচেৰ আলী বৰ্তমান পলাতক অৱস্থাত।
Photo & Input: প্ৰীতম বায়ন
Discussion about this post