তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা এখন দলং। কিন্তু তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ পিছটো বিগত ১৭-১৮ বছৰে সম্পূৰ্ণ হৈ নুঠিল দলংখন। ৰহাৰ চাপৰমুখ কঁচুৱাত কপিলী নদীৰ ওপৰত নির্মীয়মান পকী দলং খন আজিও মুকলি নহ’ল।
২০০৩ চনতে তদানিন্তন ৰহাৰ বিধায়ক আনন্দৰাম বৰুৱাৰ উপস্থিতিত এই দলংখনৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল সেই সময়ৰ গড়কাপ্তানি মন্ত্রী শৰৎ বৰকটকীয়ে। কিন্তু এই দলং নহ’ল। ২০১৩ৰ ৩০ ডিচেম্বৰত তদানিন্তন বিধায়ক পিয়ুষ হাজৰিকাৰ উপস্থিতিত একেখন দলঙৰে শেষ বাৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্রী অজন্তা নেওগে।
ৰাজু আগৰৱালা নামৰ ঠিকাদাৰজনৰ অধীনত নির্মাণকার্য চলি থকা এই দলংখন আজিও সম্পূর্ণ হৈ নুঠিল । ঠিকাদাৰৰ অৱহেলা আৰু বিভাগীয় কর্তৃপক্ষৰ গুৰুত্বহীনতাৰ বাবেই শামুকীয়া গতিৰে আগবাঢ়িছে নির্মাণকার্য।
ফলত নৈ পৰীয়া ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদো কৰিছে বহুবাৰ। চৰকাৰক স্মাৰক পত্ৰও দিছে একাধিক বাৰ।
তথাপিও কোনেও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। দলঙৰ মহৰীয়ে জনোৱা অনুসৰি বর্তমান দলং নিৰ্মাণৰ যাৱতীয় সামগ্রী যোগান নধৰাৰ বাবেই কামকাজ বন্ধ কৰি ৰখা হৈছে। দলং নোহোৱাৰ বাবেই নৈপৰীয়া ৰাইজে যাতায়ত-যোগাযোগত ভুগিছে যমৰ যাতনা।
খৰালি এখন বাঁহৰ দলং আৰু বাৰিষাত টুলুঙা নাঁৱেৰে ভয়াৱহভাৱে যাতায়ত কৰিব লাগে।
দুর্ঘটনাও সংঘটিত হৈছে কেইবাটাও। তথাপি কর্তৃপক্ষই দলঙৰ নিৰ্মাণ কার্য ক্ষীপ্রতৰ কৰাত গুৰুত্ব নিদিয়াত অসহায় হৈ পৰিছে ৰহা আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ। যদিহে ২০২১ চনৰ আগষ্টত মাহৰ ভিতৰত দলং সম্পূর্ণ হৈ নুঠে তেন্তে আগন্তুক নির্বাচনত বৃহত্তৰ অঞ্চলৰ ৰাইজে ভোট বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
Photo & Input: জিন্টুমনি শৰ্মা
Discussion about this post