অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত মিজো আৰক্ষীৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে অসমৰ ৬গৰাকী জোৱানে। এজন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই গুলীচালনাত। টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসম-মিজোৰাম সীমান্তত মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে অৰ্ধশতাধিক লোক। আহতসকল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
অসম আৰক্ষী বেটেলিয়নৰ প্ৰায় ৪০গৰাকী জোৱানক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
এই ঘটনাত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকো আহত হৈছে। শ্বহীদ ৬ গৰাকী আৰক্ষী জোৱান হৈছে চামচুদ জামান, স্বপন কুমাৰ ৰয়, মাজৰুল হক, লিটন শুক্লবৈদ্য, সমুজ্জ্বল বৰভূঞা আৰু নজৰুল হক লস্কৰ। ঘটনাত নিহত হোৱা আনগৰাকী অসামৰিক লোকক চিনাক্ত কৰিব পৰা হোৱা নাই।
অসম আৰক্ষীৰ ওপৰত লাইট মেচিনগানেৰে আক্ৰমণ কৰিছিল মিজো আৰক্ষীয়ে। গুলীচালনাৰ দৃশ্য ইমানে ভয়াৱহ আছিল যে অসম–মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৰ ছবিখন আন্তঃৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তিত হৈছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, মিজো আৰক্ষীয়ে লাইট মেচিনগান ব্যৱহাৰ কৰাৰ স্পষ্ট প্ৰমাণ পোৱা হৈছে।
Clear evidences are now beginning to emerge that unfortunately show that Mizoram Police has used Light Machine Guns (LMG) against personnel of @assampolice. This is sad, unfortunate and speaks volumes about the intention and gravity of the situation.
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 26, 2021
ইফালে শিলচৰ মেডিকেল কলেজ হাস্পতালত শ্বহীদ আৰক্ষী জোৱানলৈ মুখ্যমন্ত্ৰীৰ শেষ শ্ৰদ্ধা। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে DGP ভাস্কৰ জ্যোতি মহন্তয়ো।
We are deeply anguished by the loss of lives of our brave @assampolice personnel.
I visited Silchar SP Office and paid floral tributes to the five martyrs and salute their sacrifice. pic.twitter.com/Alj0l9sKmG
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 27, 2021
শ্বহীদ জোৱানকেইজনলৈ ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি। ৩ দিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ। আজিৰে পৰা বৃহস্পতিবাৰলৈ ৰাজ্যিক শোক। সকলো কাৰ্যালয়ত অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। এই সময়ছোৱাত কোনোধৰণৰ আনুষ্ঠানিক মনোৰঞ্জন কাৰ্যসূচী অনুষ্ঠিত কৰা নহ’ব।
অসম আৰক্ষীক হত্যা কৰি আনন্দ-উল্লাস মিজো আৰক্ষীৰ। হাত চাপৰি বজাই ফূৰ্তি কৰিছিল মিজো আৰক্ষীয়ে। দৃশ্যটোক দুখঃদায়ক আৰু ভয়ংকৰ আখ্যা মুখ্যমন্ত্ৰীৰ।
After killing 5 Assam police personnel and injuring many , this is how Mizoram police and goons are celebrating.- sad and horrific pic.twitter.com/fBwvGIOQWr
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 26, 2021
Look at this video to know how personnel of Mizoram Police acted and escalated the issue.
Sad and horrific! pic.twitter.com/vnS1RlcsOt
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 27, 2021
Photo: Twitter
Discussion about this post