মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰত আৰক্ষী আৰু চি আৰ পি এফৰ অভিযান ৷ মাটিৰ তলৰ পৰা উদ্ধাৰ ট্রাং ভৰ্তি গাঞ্জা ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তৰ ভাটি ঝগৰাৰচৰ গাঁৱত শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য মানকাচৰ আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত গাঁওখনৰ ছাফিৰ উদ্দীনৰ পুত্ৰ কাচ্চু মিয়াৰ ঘৰত মানকাচৰ ৪৮ এ বেটেলিয়ান চি আৰ পি এফৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলায়।
এই অভিযানৰ উমান পাই কাচ্চু মিঞা ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ ঘৰৰ চোতাল মাটিৰ তলৰ পৰা ট্রাং ভৰ্তি ২২.৭০০ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰে।
গাঞ্জা ব্যৱসায়ীজনে মাটি খান্দি গাঞ্জা খিনি এটা বক্সৰ ভিতৰত ভৰাই ৰাখিছিল। আৰক্ষীয়ে মাটি খান্দি গাঞ্জা খিনি জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।
ভাৰতৰ ফালৰ পৰা কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি সৰবৰাহ হোৱা ড্ৰাগছ বাংলাদেশৰ ফালৰ পৰা সংগ্ৰহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে।
আনহাতে মানকাচৰত এম্বুলেঞ্চৰ জৰিয়তেও এটা চক্ৰ ড্ৰাগছ সৰবৰাহ কৰে বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছে। বিষয়টো তদন্তৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই আছে।
Photo & Input: সামিম জাকাৰিয়া আৰু তাৰিফুল ইছলাম
Discussion about this post