ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ যোৱাই নাই পুনৰ সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি। নিশা দিছপুৰ থানাত তাণ্ডৱ চলালে ২ সুৰামত্ত যুৱতীয়ে। হুণ্ডাই i10 বাহনত অহা ২ যুৱতীৰ বিৰুদ্ধে ৰাজপথৰ মাজতে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈছে। ছুপাৰ মাৰ্কেটত দুয়োগৰাকী যুৱতীক আটক কৰি দিছপুৰ থানালৈ লৈ যায় যান-বাহন আৰক্ষীয়ে। কিন্তু থানাৰ ভিতৰতো উদ্ভণ্ডালি চলালে যুৱতী দুগৰাকীয়ে।
থানাৰ ভিতৰৰ পৰা সাংবাদিকৰ কেমেৰালৈ লক্ষ্য কৰি দলিয়ালে চেণ্ডেল আৰু চকী। কেমেৰাৰ সন্মুখত তাৰে এগৰাকী যুৱতীয়ে ক’লে-“অ মই মদ খাইছো, তাতে কি হ’ল?” আৰক্ষীৰ ব্ৰেথ এনালাইজাৰত সুৰাৰ পৰিমান ওলাল ২০১।
তাৰ পিছতে দুই যুৱতীক GMCHত স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিয়ে দিছপুৰ যান–বাহন আৰক্ষীয়ে। বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে দুই যুৱতীক।
Photo: Khatang Khobor





























Discussion about this post