নগাঁৱৰ ৰাঙলু চিংগাৰাপট্টি গাঁৱত এক কৰুণ ঘটনা সংঘটিত হৈছে। পথাৰৰ নলাত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে দুটিকৈ শিশুৰ মৃতদেহ ৷
বুধবাৰে পুৱা কৃষিকৰ্মৰ বাবে পথাৰলৈ যোৱা একাংশ লোকে নলাৰ পানীত ওপঙি থকা অৱস্থাত দুটি শিশুৰ মৃতদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়।
পিছত অঞ্চলটোৰ একাংশ ৰাইজ উপস্থিত হৈ স্থানীয় কঠিয়াতলী আৰক্ষীক খবৰ দিয়ে। লগে লগে কঠিয়াতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
শিশু দুটি চিংগাৰাপট্টি অঞ্চলৰ আবুল হুছেইনৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য মঙলবাৰে আবুল হুছেইনৰ পত্নী ফৰিদা খাতুনে ঘৰুৱা কন্দলৰ বাবেই নিজ শিশু দুটি লৈ স্বামীৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই গৈছিল।
আবুল হুছেইনে নিশালৈকে নিজ পত্নী আৰু সন্তানক বিচাৰ খোচাৰ কৰিও সন্ধান লাভ কৰা নাছিল। তাৰ পিছত আজি পুৱা শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হয় যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে আবুল হুছেইনৰ পত্নী ফৰিদা খাতুন।
স্থানীয় ৰাইজে শিশু দুটিক মাতৃয়ে গৃহ কন্দৰ বাবেই ডিঙিচেপি হত্যা কৰি পথাৰৰ নলাত পেলাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। প্ৰত্যক্ষদৰ্শীৰ মতে শিশু দুটিৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আছিল।
প্ৰকৃততে শিশু দুটিক মাতৃয়ে হত্যা কৰিছে নে আন কোনো কাৰণত মৃত্যু হৈছে সেই কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব?
Photo & Input: ৱাহিদুদ জামান
Discussion about this post