তৰকাৰীক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত কাজিয়া (2 Brothers Clash)। সৰু ভাতৃ হেমন্তই কুঠাৰেৰে আঘাত কৰিলে জ্যেষ্ঠ ভাতৃ মহন্তক। বুধবাৰে সন্ধিয়া দুই ভাতৃৰ কাজিয়াৰ মাজতে হঠাৎ মূৰ্চা গৈ প্ৰাণ গ’ল পিতৃৰ (Father Death)। সামান্য তৰকাৰীক কেন্দ্ৰ কৰি বুধবাৰে সন্ধিয়া দুই ভাতৃৰ মাজত হোৱা কাজিয়াৰ মাজতে হঠাৎ মূৰ্চা গৈ পিতৃ নিহত হোৱা ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ (Barpeta District) সৰুক্ষেত্ৰী সমষ্টিৰ (Sarukhetri constituency) অন্তৰ্গত কয়াকুছি গাঁৱত।
ঘটনাৰ বিৱৰণী মতে কয়াকুছি (Kayakuchi) গাঁৱৰ গোপাল সৰকাৰৰ জ্যেষ্ঠ পুত্ৰ মহন্ত সৰকাৰে বুধবাৰে বজাৰৰ পৰা ক্ৰয় কৰি আনে এটা ডাঙৰ মাছ। সেই মাছৰ তৰকাৰী দিছিল পিতৃ গোপাল সৰকাৰক। ইয়াকে লৈ অগ্নিশৰ্মা হৈ পৰে গোপাল সৰকাৰৰ কণিষ্ঠ পুত্ৰ হেমন্ত সৰকাৰ।
পিতৃক মাছৰ তৰকাৰী দিয়াক কেন্দ্ৰ কৰি প্ৰথমে হেমন্ত সৰকাৰ আৰু মহন্ত সৰকাৰৰ মাজত তৰ্কা-তৰ্কি হয়। পিছত হেমন্ত সৰকাৰে কুঠাৰেৰে মহন্ত সৰকাৰক আঘাত কৰে। কনিষ্ঠ ভাতৃ হেমন্তৰ কুঠাৰৰ আঘাতত ৰক্তাক্ত হৈ পৰে জ্যেষ্ঠ ভাতৃ মহন্ত। মহন্ত সৰকাৰক ৰক্তাক্ত অৱস্থাত দেখি ঘটনাস্থলীতে মূৰ্চা গৈ শেষ নিশ্বাস ত্যাগ কৰে গোপাল সৰকাৰ।
ইফালে ঘটনাৰ খবৰ পাই কয়াকুছি আৰক্ষী (Kayakuchi Police) ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুই ভাতৃ হেমন্ত সৰকাৰ আৰু মহন্ত সৰকাৰক আটক কৰে। দুই ভাতৃৰ কাজিয়াৰ মাজতে হঠাৎ মূৰ্চা গৈ পিতৃ নিহত হোৱা ঘটনাই বৃহত্তৰ কয়াকুছি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post