লখিমপুৰ জিলাৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ শান্তিপুৰ মাজগাঁৱত ১৪ বছৰীয়া যুৱতীৰ আত্মহত্যা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লালুক থানাৰ অন্তৰ্গত মাজগাঁৱত গোপাল বৰাৰ কন্যা ৰূপালী বৰাই সোমবাৰে খুড়াকৰ ঘৰত চিপ লৈ আত্মহত্যা কৰে।
ঘটনাৰ পিছতে লালুক আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি আৰক্ষীয়ে এখন আত্মহত্যাৰ নোট জব্দ কৰে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা স্থানৰ পৰা। আত্মহত্যাৰ নোটত স্পষ্টভাৱে ৰূপালীয়ে লিখি গৈছিল যে,
‘মোৰ মৰমৰ মা দেউতা, খুড়া খুড়ী, কৃষ্ণ দা, নবৌ তোমালোক সকলোকে কৈছো। মই মনে মনে কৃষ্ণ দাক ভাল পাইছিলো। কিন্তু কৃষ্ণ দাই মোক ভাল পাইছিল নে নাই মই নাজানো। কিন্তু কৃষ্ণ দাৰ জীৱনলৈ নবৌ আহি গ’ল। লাহে লাহে কৃষ্ণ দাই মই এনেকুৱা বেয়া কামবোৰ কৰিবলৈ ল’লো কিন্তু কালি খুড়ীয়ে কৃষ্ণ দা আৰু মই লগ হোৱা দেখিলে আৰু খুড়ীয়ে সকলোকে এই কথা কৈ দিম বুলি কোৱাত মই এইখন পৃথিৱীৰ পৰা যোৱাৰ মনতে ভাবিলো। মই থাকিলহে কৃষ্ণ দা আৰু নবৌৰ মাজত কাজিয়াৰ সৃষ্টি হ’ব। সিহতৰ পৰিয়ালটো ধ্বংস হ’ব। মই কেতিয়াও কৃষ্ণ দাৰ পৰিয়ালটো নষ্ট হোৱাটো নিবিচাৰো। মা, দেউতা, খুড়া, খুড়ী, নবৌ মই তোমালোকক আকৌ কওঁ তোমালোকে যাতে কৃষ্ণ দাক ভুল নোবোজা মৰমেৰে থাকিবা আৰু নবৌ তুমি সদায় পত্নী ধৰ্ম পালন কৰি যাবা। যদি তোমালোকে কৃষ্ণ দাক ভাল নোপোৱা বা ভাল দৰে মাতবোল নকৰা তেতিয়া কিন্তু মোৰ আত্মীয়ই কেতিয়াও ক্ষমা নকৰে।’
আত্মহত্যাৰ নোটত বিবাহিত ২৬ বছৰীয়া কৃষ্ণ শইকীয়াৰ লগত অবৈধ সম্পৰ্ক থকাৰ লগতে অসৎ কাৰ্যত লিপ্ত হোৱাৰ কথাও উল্লেখ কৰিছে। কৃষ্ণ শইকীয়া মৃত ৰূপালী বৰাৰ ঘৰৰ ওচৰৰে বাসিন্দা। দীৰ্ঘদিনে কৃষ্ণ শইকীয়াৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক।
ইতিমধ্যে লালুক আৰক্ষীয়ে কৃষ্ণ শইকীয়াক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post