সমগ্ৰ নগাঁও জিলাৰ উপৰি নগাঁও চহৰত ক্ৰমবৰ্দ্ধমান গতিত বৃদ্ধি পাই অহা যান-যঁটৰ সমস্যাই দীৰ্ঘদিনৰ পৰা সৰ্বসাধাৰণ নাগৰিকৰ যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছে।
একাংশ যান-বাহনৰগৰাকীয়ে নগাঁও চহৰখনৰ য’তে-ত’তে, যধে-মধে নিজ খেয়ালখুচি মতে যান-বাহনসমূহ ৰখোৱাৰ ফলতেই চহৰখনত দিনক দিনে এইদৰে এক অভাৱনীয় যান-যঁটৰ সৃষ্টি হৈ আহিছে বুলি সচেতন মহলে দাবী কৰি আহিছে ৷
নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ উচ্চস্তৰীয় সূত্ৰৰ এক তথ্য অনুসৰি, বৰ্তমান নগাঁৱৰ পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা প্ৰায় ৩,২৯,৭০৪ খন ৷ গড় হিচাপত প্ৰতি মাহে নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত হোৱা যান-বাহনৰ সংখ্যা প্ৰায় ২,২০০ অধিক ৷
নগাওঁ জিলাত বৰ্তমানলৈকে পঞ্জীয়নভুক্ত গাড়ীৰ সংখ্যা এনে ধৰণৰ : ট্ৰাকৰ সংখ্যা হৈছে ৬,০৩৪ খন (মিডিয়াম/হেভী) ৷ ডাম্পাৰ ১,০৭৫ খন ৷ ইয়াৰ বিপৰীতে এল.চি.ভি গুড’চ ১৩,৩২১ খন (চাৰি চকীয়া)৷
এল.চি.ভি গুড’চ ২১৩৫খন (তিনি চকীয়া)৷ আনহাতে, বাছ ৯৪৮খন। লগতে, এ এ টি টি টেক্সি ৮০ খন,লোকেল ট্ৰেক্সি ২৯৮৩খন, মটৰ কেৱ্ ৫৮০খন, মেক্সি কেৱ্ ৪৬খন, টেম্পো/অটৰিক্সা ১২,৩০০খন, ই-ৰিস্কা ৩৩৭খন,ম’পেড ১০৬খন, মটৰ চাইকেল/স্কুটাৰ ১,৯৩,৯১৪ খনৰো অধিক,
ব্যক্তিগত চাৰিচকীয়া বাহন ৪৩,৯৪৩খন, জি’প ৭০০খন। ষ্টেচন ওগেন ১০খন, ট্ৰেইলাৰ ৭১৬খন, টেক্টৰ ৮৩৬৮খন, ক্ৰেন ২৯খন, চৰকাৰী বাহন ৪৯৬খন এম্বুলেঞ্চ ৯১খন, অন্যান্য এক্সেভেটৰ ১৬২৫খন ৷
এইসকলো মিলি মুঠ পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা ৩,২৯,৭০৪ -খন ৷ বিগত ২০২০-২১ বিত্তীয় বৰ্ষত নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা ২৬,৪৭৬ -খন ৷ ইয়াৰ বিপৰীতে বৰ্তমান পথত চলাচল কৰি থকা যান-বাহনৰ সংখ্যা হৈছে ১,১৪,০০৩ -খন ৷
সাম্প্ৰতিক সময়ত চহৰখনত বিশেষকৈ ঢাকাইপট্টি অঞ্চলৰ ৰামলাল দুৰ্গাদত্ত কাপোৰৰ বিপনীৰ পৰা আৰম্ভ কৰি বহাগী হোটেলৰ চ’কলৈকে, চহৰখনৰ মুখ্য ব্যৱসায়ীক অঞ্চলটোৰ একমাত্ৰ পথটোৰ মাজলৈকে দীৰ্ঘসময় ধৰি নিজৰ ব্যক্তিগত যান-বাহন একাংশ লোকে ৰখাই থোবাৰ বাবেই এই পথটোত সৰ্ব্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগাত পৰিছে ৷
তদুপৰি নগাঁও মহাবিদ্যালয় পেট্ৰ’ল পাম্পৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতুন বজাৰলৈকে এই অংশতো পথৰ অধিকাংশতে যান-বাহন ৰখাই থোৱাৰ ফলত এই পথটোৰে যাবলগীয়া দূৰণিবটিয়া যান-বাহনসমূহেও জীয়াতু ভুগিব লগাত পৰে বহু সময় ৷
ইফালে, নতুন বজাৰৰ পৰা মুকুট শৰ্মা চাৰিআলি হৈ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দলঙৰ ফালে যোবা পথটোতো একাংশ লোকে উশৃংখলভাৱে যান-বাহন পাৰ্কিং কৰাৰ ফলত ব্যাপক যান-যঁটৰ সৃষ্টি হৈ আহিছে ৷
ঠিক সেইদৰে হয়ৱৰগাঁও থানাৰ পৰা ধিং গেট পৰ্যন্ত, মৰিগাঁও বাছ আস্থান, কৃষ্ণা হল চাৰিআলিৰ পৰা জয়শ্ৰী চিনেমা হল চাৰিআলিলৈ যোৱা অতি ব্যস্ত পথছোৱাতো পুৱা ন-দহ বজাৰ পৰা নিশাপৰ্যন্ত নানা ধৰণ যান-বাহন ৰখোৱাৰ ফলত সাধাৰণ নাগৰিকসকল খোজকাঢ়ি যোবাতো বহুখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷
তদুপৰি নগাঁৱত বৰ্তমান অধিক হাৰত ই-ৰিস্কাৰ চলাচলে তীব্ৰ যান-যঁটৰ সৃষ্টি কৰি আহিছে ৷ স্থানীয় নাগৰিক আৰু সচেতন মহলে চহৰখনৰ আৰক্ষী, জিলা প্ৰশাসনৰ উৰ্ধ্বতন কৰ্তৃপক্ষ, পৌৰ সভাক নগাঁও চহৰৰ যান-যঁট ৰোধ কৰিবলৈ দাবী জনাইছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post