মৃত্যু কাৰ, কেতিয়া, কেনেকৈ আহে কোনোৱে নাজানে। হোজাইৰ (Hojai) লংকাৰ (Lanka) এটি ১০ বছৰীয়া শিশুৰ (10 Years Child Died) জীৱনলৈও নামি আহিল অকল্পনীয় মৃত্যু। টিভি চাই চাই আঁঠুৱাৰ ৰচীৰে খেলি থাকোতে ডিঙিত ফাঁচী লাগি কৰুণ মৃত্যুক সাৱটিলে কণমানি শিশুটিয়ে। শিশুটিৰ মৃত্য়ুৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ। লগতে পৰিয়ালৰ অসাৱধানতাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলকো।
লংকাৰ ৮নং ৱাৰ্ডৰ শ্যামল দাস আৰু মীনা দাসৰ জ্যেষ্ঠ পুত্ৰ তথা লংকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বিশাল দাস ওৰফে বিচিত্ৰই দেওবাৰে সন্ধিয়া ঘৰতে টিভি চাই চাই আঁঠুৱাৰ ৰচীডালেৰে খেলি আছিল। সেই সময়ত মাতৃ মীনা দাসে বিশালক ঘৰত এৰি সৰু পুতেকক লৈ ঘৰৰ ওচৰৰে মন্দিৰলৈ গৈছিল। কিন্তু মন্দিৰৰ পৰা উভতি আহি ডিঙিত আঁঠুৱাৰ ৰচীৰে মেৰ খাই পৰি থকা অৱস্থাত বিশালক দেখি হাহাকাৰৰ সৃষ্টি হয়।
লগে লগে ওচৰ-চুবুৰীয়া আহি শিশুটিক হাস্পতাললৈ নিয়াৰ যো-জা চলায় যদিও সেই সময়লৈকে মৃত্যু ঘটে কণমানি বিশালৰ। বিশালৰ পিতৃ শ্যামল দাস কৰ্মৰ খাতিৰত ঘৰৰ পৰা দূৰৈত থাকে। দেওবাৰে সন্ধিয়া বিশালে মাতৃৰ সৈতে মন্দিৰলৈ যাবলৈ জোৰ কৰিছিল যদিও মাকে শিশুটিক ঘৰতে টিভি চাই থাকিবলৈ দি ওলাই যোৱাৰ পিছতে সংঘটিত হয় এই অঘটন। ইতিমধ্যে শিশুটিৰ মৃতদেহ লংকা আৰক্ষীয়ে (Lanka Police) উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
Photo: News8 Northeast
আৰু পঢ়কঃ https://khatangkhobor.com/news/north-east/dog-viral-video-culprit-arrest-by-agartala-police/9171/
Discussion about this post