মঙলবাৰে কোকৰাঝাৰত অসম আৰক্ষীয়ে অভিযান চলাই ১ কোটি টকাৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ৬২২ কিলোগ্ৰাম। ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি অসম আৰক্ষীয়ে টুইটাৰত প্ৰকাশ কৰে।
কোকৰাঝাৰ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এখন ট্ৰাকৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰে আৰক্ষীয়ে। ধৃতদ্বয়ক আৰক্ষীৰ সোধা-পোছা অব্যাহত।
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কোকৰাঝাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযানক টুইট কৰি প্ৰশংসা কৰে।
@KokrajharP recovered 622 Kilograms of Cannabis from a truck this morning and arrested two persons. Well done Team Kokrajhar. Backward & Forward linkages are being established. @assampolice @CMOfficeAssam pic.twitter.com/oQcl9wjIIK
— GP Singh (@gpsinghips) August 3, 2021
Photo: Twitter
Discussion about this post