গুৱাহাটীত সুলভ মূল্যত প্ৰতিগৰাকী গ্ৰাহকক ২ কিলোগ্ৰামকৈ পিয়াজ যোগানৰ ব্যৱস্থা কৰিছে। প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৫ টকা নিৰ্ধাৰণ কৰা হৈছে। গ্ৰাহকসকলে গুৱাহাটীৰ মুঠ ১২ টা স্থানত পিয়াজ ক্ৰয় কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এখন পত্ৰযোগে এতিয়াৰে পৰা গুৱাহাটীৰ ছয়মাইলৰ আই ডি বি আই বেংকৰ সমীপত, বশিষ্ঠ বজাৰ, বেলতলা বজাৰ, গণেশগুৰিৰ পেট্ৰল পাম্পৰ সমীপত, দিশপুৰ লাষ্টগেটত জি এম চি কাৰ্যালয়ৰ সমীপত, উলুবাৰী বজাৰ, চানমাৰী বজাৰ, পাণ্ডু বজাৰ, মালিগাঁও বজাৰ, নুনমাটি বজাৰ আৰু হেঙেৰাবাৰীৰ পি এইচ চি কাৰ্যালয়ৰ সমীপত গ্ৰাহকে এদিনৰ মূৰে মূৰে প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য ২৫ টকাত ক্ৰয় কৰিব পাৰিব বুলি জনাইছে। তদুপৰি ভ্ৰাম্যমাণ বাহনৰ জৰিয়তেও গুৱাহাটীবাসীক নিৰ্ধাৰিত দামত পিয়াজ যোগানৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে গ্ৰাহকৰ সুবিধাৰ্থে উলুবাৰীত মণিপুৰি ভৱনৰ সমীপত এখন বিপণীৰ জৰিয়তে গ্ৰাহকক পিয়াজ যোগানৰ ব্যৱস্থা কৰা হৈছে। উলুবাৰীৰ এই বিপণীখনৰ পৰা গ্ৰাহকে সকলো সময়তে পিয়াজ ক্ৰয় কৰিব পাৰিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। ইফালে কামৰূপ মহানগৰ জিলা আয়ুক্তগৰাকীয়ে নিৰ্ধাৰণ কৰি দিয়া স্থানত যাতে গ্ৰাহকে সুলভ মূল্যত পিয়াজ ক্ৰয় কৰিব পাৰে সেই বিষয়টো চোৱা-চিতা কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেইবাগৰাকীও বিষয়াক দায়িত্ব দিয়া হৈছে।
আনহাতে আকাশলংঘী মূল্যবৃদ্ধিত গ্ৰাহক সাময়িক সকাহ দিবলৈ আগবাঢ়ি আহিছে NAFED নামৰ অনুষ্ঠানটো ৷
NAFED -এ গণেশগুৰি,জটিয়া ,চুপাৰ মাৰ্কেট সহ কেতবোৰ অঞ্চলত মঙলবাৰৰ দিনটোতে বিক্ৰী কৰে সাত কুইন্টলৰ অধিক পিয়াঁজ ।
Discussion about this post