যোৱা ২৪ আগষ্টত নতুন দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এইবাৰ এই সন্মানীয় বঁটাত আঞ্চলিক ছবিৰ লগতে হিন্দী চলচ্চিত্ৰ উদ্যোগেও স্বীকৃতি লাভ কৰে। কিন্তু, আপুনি জানেনে শ্যামচি আই (Shyamchi Aai) হৈছে মাৰাঠী ভাষাৰ প্ৰথমখন ছবি যিয়ে ১৯৫৪ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল?
আচাৰ্য আত্ৰেৰ ৰচনা আৰু পৰিচালিত এই ছবিখনত অভিনয় কৰিছিল প্ৰয়াত বনামল দেৱী, মাধৱ ভাজে, আৰু দৌয়ানা যোশীয়ে। এই ছবিখনে ভাজেৰ অভিনয়ৰ আত্মপ্ৰকাশ আৰু দেৱীৰ তৃতীয়খন ছবি হিচাপে পৰিগণিত হয়। সানে গুৰুজীয়ে ৰচনা কৰা একে নামৰ কিতাপখনৰ আধাৰত নিৰ্মিত এই ছবিখনে প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ Golden Lotus Award (সোণালী পদুম বঁটা) লাভ কৰে।
আচাৰ্য আত্ৰে নিজেই প্ৰযোজনা কৰা এই ছবিখনত এজন ল’ৰা শ্যামৰ (Shyam) কাহিনী আৰু মাকৰ সৈতে তেওঁৰ বন্ধনৰ কাহিনী দেখুৱা হৈছে। ছবিখনত শ্যামৰ আৰু মাকৰ লালন-পালনৰ কথা কোৱা হৈছে আৰু দৰিদ্ৰতাৰ সন্মুখীন হ’লেও তেওঁলোকে নিজৰ নীতি কেতিয়াও পাহৰা নাছিল। শেষত অসুস্থতাৰ বাবে শ্যামৰ মাতৃৰ মৃত্যু হোৱা দেখুৱাই ছবিখনৰ দুখজনক অন্ত পেলোৱা হৈছিল।
২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবি সমূহ হল –
শ্ৰেষ্ঠ মিছিং ছবি – বুম্বা ৰাইড (Boomba Ride)
শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ – অনুৰ (Anur)
শ্ৰেষ্ঠ বাংলা ছবি- কলক্কোহো (Kalkkoho)
শ্ৰেষ্ঠ হিন্দী ছবি- চৰ্দাৰ উধাম (Sardar Udham)
শ্ৰেষ্ঠ কানাড়া ছবি- ৭৭৭ চাৰ্লি (777 Charlie)
শ্ৰেষ্ঠ গুজৰাটী চলচ্চিত্ৰ – চেলো শ্ব’ (Chello Show)
শ্ৰেষ্ঠ Maithili Film- সমানন্তৰ (Samanantar)
শ্ৰেষ্ঠ মাৰাঠী ছবি- একদা কায় জালা (Ekda Kay Zala)
শ্ৰেষ্ঠ মালয়ালম ছবি – Home
বিশেষ জুৰী বঁটা- শ্বেৰশ্বাহ (Shershaah)
Discussion about this post