বৰ্তমান ঋণৰ বোজাত অসম চৰকাৰ। যোৱা ১৭ ছেপ্টেম্বৰত অসমৰ হিমন্ত বিশ্বৰ শৰ্মাৰ চৰকাৰখনে ৫০০ কোটি ঋণ লোৱাৰ পাছত ২৪ ছেপ্টেম্বৰত পুনৰ ২৫০ কোটি ঋণ লোৱাৰ যো- জা কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা তথ্য অনুসৰি ২৫০ কোটি টকীয়া এই ঋণ চৰকাৰে ৭ বছৰীয়া ম্যাদত ল’ব বিচাৰিছে। প্ৰায় প্ৰতিমাহে ঋণ লৈ অহাৰ ফলত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে গৈ ১ লাখ ৫৫ হাজাৰ কোটি টকাৰো অধিক। চৰকাৰৰ বণ্ড নিলামত ৰাখিও হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঋণ লৈ আছে।
২০২৪ বৰ্ষৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে। তেতিয়াৰ পৰা এই ধাৰা বৰ্তমানলৈ অব্যাহত আছে। অৱশ্যে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনত শেহতীয়াকৈ অসম চৰকাৰক ঋণ লোৱাৰ ক্ষেত্ৰত সকীয়নি প্ৰদান কৰি আহিছে।
২০২৩ বৰ্ষত ১০ হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। তথ্য অনুসৰি ২০২৩ চনৰ জানুৱাৰী মাহত ১৮০০ কোটি টকাৰ ঋণ লৈছিল। ডিচেম্বৰ মাহতো চৰকাৰখনে ১৫০০ কোটি টকাৰ ঋণ লৈছিল। জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ চৰকাৰখনে মুঠ ১০ হাজাৰ কোটি টকাৰ ঋণ লৈছিল।
এক কথাত ক’ব পাৰি যে ঋণ লৈ লৈ চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। নিতৌ ন ন আঁচনি উলিয়াই হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰখনে ঋণৰ সূদ পৰিশোধ কৰাৰ নামতে প্ৰতিমাহে দিব লাগে হাজাৰ হাজাৰ কোটি টকা। চৰকাৰখনে অসমৰ প্ৰায় প্ৰতিগৰাকীকে হিতাধিকাৰী বনাব বিচাৰে। এই হিতাধিকাৰী সকলৰ বাবেই ঋণ লৈ চৰকাৰে আঁচনি ৰূপায়ন কৰে। কিন্তুু মাহে মাহে ঋণ লোৱাৰ পাছতো কোনো উৎপাদনশীল কামত ব্যয় নকৰাকলৈও প্ৰশ্নৰ উত্থাপন হৈছে। লগতে ভোটৰ অংকত এই মোটা অংকৰ ধন চৰকাৰে ব্যয় কৰি আহিছে বুলি বিৰোধিসকলে অভিযোগ কৰি আহিছে।
উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ দিনত ৪০০ কোটি টকা, হিতেশ্বৰ শইকীয়াৰ দিনত ১৫ হাজাৰ কোটি টকা, প্ৰফুল্ল মহন্তৰ দিনত ২০ হাজাৰ কোটি টকা ঋণ লোৱা হৈছিল। তৰুণ গগৈ চৰকাৰ শেষ হোৱালৈকে অসমৰ ঋণৰ বোজা আছিল ৪১,৯৬৪ কোটি টকা। ২০১৬ চনত সৰ্বানন্দ সোণোৱালে শাসনভাৰ লোৱাৰ পাছত ইয়াৰ পৰিমাণ হৈছিল গৈ ৪৮,৮০১ কোটি টকা। কিন্তু এতিয়া সকলো অভিলেখ ভংগ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ঋণৰ পৰিমাণ হৈছেগৈ ডেৰ লাখ কোটি।
Discussion about this post