কাৰাগাৰৰ পৰা মুকলি মোহিত হোজাই। জামিন মঞ্জুৰৰ পিছত জে’লৰ পৰা শুকুৰবাৰে ওলাই আহিল মোহিত হোজাই।
২০১৭ৰ ২২ মে’ত NIAৰ বিশেষ আদালতে শাস্তি প্রদান কৰিছিল হোজাইক। পৰৱৰ্তী পৰ্যায়ত NIAৰ আদালতত চলিছিল গোচৰটো। উন্নয়ন পুঁজিৰ ধন উগ্রপন্থীলৈ হস্তান্তৰৰ অপৰাধত গ্রেপ্তাৰ হৈছিল হোজাই।
দিছপুৰ আৰক্ষীয়ে ডিমা হাছাওৰ পৰা ১কোটি টকাসহ গ্রেপ্তাৰ কৰিছিল মোহিত হোজাই।
সেই সময়ত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEM আছিল মোহিত হোজাই। তেওঁৰ লগতে DHD নেতা নিৰঞ্জন হোজাই, জুৱেল গাৰ্লোছাও পৰিছিল আৰক্ষীৰ জালত। ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে দুয়োগৰাকীয়ে।
Discussion about this post