গুৱাহাটীত ক্রমাৎ বৃদ্ধি পাইছে ডেংগুৰ আতংক । বিশেষকৈ মহানগৰীৰ জু-ৰোড অঞ্চলৰ ভাস্কৰ নগৰ অঞ্চলত যোৱা কিছুদিন ধৰি ব্যাপক হাৰত ডেংগু ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ডেংগুত আক্ৰান্ত ১১ গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷ এই কথা জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই জনায় ।
তেখেতে সংবাদ মাধ্যমৰ আগত কয়,”বিগত বৰ্ষত ডেংগুত আক্ৰান্ত ১৭০ গৰাকী ৰোগী চিকিৎসাধীন হৈছিল । এইবাৰ ৫৭ গৰাকী ডেংগুত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈছিল । তাৰ ভিতৰত ৩ গৰাকীৰ মৃত্যু হোৱাৰ লগতে বৰ্তমান ১১ গৰাকী লোক চিকিৎসাধীন হৈ আছে । ডেংগুৰ প্ৰাথমিক লক্ষণ ডিঙিৰ বিষ, ভালকৈ কথা কব নোৱৰা, অতিমাত্ৰা জ্বৰ ইত্যাদি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী ।”
উল্লেখ্য যে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগৰে পৰা জু-ৰোডৰ ভাস্কৰ নগৰ, অৰুণাচল পথ, চাহেব টিলা, কার্বি পথ আদি অঞ্চলত বৃদ্ধি পাইছে ডেংগুত আক্রান্ত ৰোগীৰ সংখ্যা । স্থানীয় লোকে জনোৱা অনুসৰি এই অঞ্চলৰ প্রায় ১০০ টাৰো অধিক পৰিয়ালৰ লোক ডেংগুত আক্রান্ত হৈছে । ইয়াৰে কিছুসংখ্যক লোক জু-ৰোডৰ কে জি এম টি হাস্পতালত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । আনহাতে, একাংশ লোকে চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে চিকিৎসা কৰি আছে ।
ডেংগু ইডিছ (Aedes aegypti) মহৰ কামোৰৰ ফলত বিয়পে আৰু ইয়াৰ ফলত বহুতো গুৰুতৰ জটিলতাৰ সৃষ্টি হ’ব পাৰে ৷ য’ত ই মহামাৰী হিচাপে বিয়পে, তাত একে সময়তে বহু ধৰণৰ ভাইৰাছ সক্ৰিয় হ’ব পাৰে। ডেংগু জ্বৰ অতি কষ্টদায়ক ৰোগ ৷ এই ৰোগ বাৰিষাৰ সময়ত তেনেই সাধাৰণ হৈ পৰে, কাৰণ এই বতৰত আমাৰ আশে-পাশে চাফ-চিকুণতা বজাই নৰখাৰ ফলত এই ডেংগু মহৰ উৎপত্তি ঘটে ৷
ডেংগু ৰোগৰ অন্যান্য লক্ষণ সমূহ —
১) অতিপাত জ্বৰ: তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ (১০৪ ডিগ্ৰী ফাৰেনহাইট) পৰ্যন্ত হ’ব পাৰে ।
২) মূৰৰ বিষ
৩) পেশী আৰু গাঁঠিৰ বিষ
৪) ফুলা গ্ৰন্থি
৫) ভাগৰ
৬) ফোহা ওলোৱা
৭) ভোক কমি যোৱা
৮) বমি ভাৱ
৯) চকুৰ বিষ
ইয়াৰ লগতে ডেংগুৰ বাবে ৰোগীৰ অৱস্থা যদি আৰু অধিক গুৰুতৰ হৈ উঠে তেন্তে তলত দিয়া এই লক্ষণ সমূহে দেখা দিব পাৰে শৰীৰত –
১) ক্লান্তি আৰু অস্থিৰতা
২) পেটৰ তীব্ৰ বিষ
৩) অহৰহ বমি হোৱা
৪) অত্যধিক পিয়াহ
৫) দ্ৰুত উশাহ লোৱা
৬) দুৰ্বলতা
৭) দাঁতৰ গুৰি বা নাকৰ পৰা তেজ নিৰ্গত হোৱা
৮) বমি বা মলত তেজ
৯) ছাল শেঁতা পৰা বা ঠাণ্ডা হোৱা
এই লক্ষণসমূহ দেখা দিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷
আনহাতে ডেংগুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আমি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত-
১) মহৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আঁঠুৱা ব্যৱহাৰ কৰক ৷
২) শৰীৰক ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰক ৷
৩) মহ মৰাৰ ব্যৱস্থা ব্যৱহাৰ কৰক ৷
৩) ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব ৷
৪) নিয়মিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক
৫) ৰাতিপুৱা-গধূলি ঘৰত ধুপ-ধুনা দিব লাগে।
Discussion about this post