অশ্ৰুসিক্ত নয়নেৰে মৰ্ত্যৰ পৰা বিদায় ল’লে শক্তিদায়িনী, অসুৰ বিনাশিনী, কল্যাণময়ী দেৱী দুৰ্গাই। মহিষাসুৰক নাশ কৰিবলৈ মহালয়াত মৰতলৈ নামি অহা দেৱী দুৰ্গা ষষ্ঠীত পূজাৰ বেদীত বহাৰ পাছত আজি দশমীৰ দিনটোত পুনৰ স্বামীগৃহলৈ উভতিল।
অৱশ্যে কেৱল দশমী নুবুলি আজিৰ দিনটোক কোৱা হয় বিজয়া দশমী। ইয়াৰ আঁৰত লুকাই আছে এক অৰ্থ। বিজয়া দশমী মানেই আৱেগিক এক মুহূৰ্ত। আজিৰ পৰা পুনৰ এবছৰলৈ অপেক্ষা কৰিব লাগিব দেৱী দুৰ্গাৰ আগমণলৈ।
আজিয়েই অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱ। দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ নৈৰ পাৰত ভিৰ কৰিছেহি ভক্তই। আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথিত মৰতলৈ মহিষাসুৰ নিধনৰ যি উদ্দেশ্যৰে দেৱী নামি আহিছিল সেই উদ্দেশ্য পুৰণ কৰি পিতৃগৃহ এৰি কৈলাশৰ স্বামীৰ গৃহত ভৰি দিব দেৱীয়ে।
মহিষাসুৰৰ সৈতে মৰতত দেৱী ৯ দিন ৯ ৰাতি যুদ্ধত লিপ্ত হৈছিল। যুদ্ধৰ দশম দিনটোত দেৱীয়ে এই যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। সেয়ে আজিৰ দিনটোক কোৱা হয় বিজয়া দশমী।
Discussion about this post