নগাঁও চহৰৰ পূৱ আমোলাপট্টি নিবাসী, প্ৰবীণ মুক্তি যুঁজাৰু ৰত্নমালা গোহাঁইৰ বুধবাৰে দুপৰীয়া নিজবাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ।
উল্লেখযোগ্য যে- বিয়াল্লিছৰ গণবিপ্লৱৰ ঢৌত আগবাঢ়ি আহিছিল মুক্তি সংগ্ৰামী সকলৰে এগৰাকী অসমীয়া মহিলা ভোগেশ্বৰী ফুকননী l নগাঁও জিলাৰ বৰহমপুৰ নিবাসী ভোগেশ্বৰী ফুকননীৰ ছজন পুত্ৰ আৰু দুগৰাকী ছোৱালীৰে তেওঁৰ আছিল সংসাৰ। ছহিদ ভোগেশ্বৰী ফুকননীৰে কন্যা ৰত্নমালা গোহাঁই ।
Discussion about this post