কাৰ্বি পাহাৰৰ মাটি মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰা বুলি সংবাদ মাধ্যমত হোৱা প্ৰচাৰ সন্দৰ্ভত কাৰ্বি পাহাৰৰ স্থানীয় লোকসকলে সংবাদ মেলযোগে স্পষ্টীকৰণ দি কয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি পাহাৰক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে স্থানীয় লোকসকলে গ্ৰহণ কৰিছে পদক্ষেপ। কাৰ্বি পাহাৰত পৰ্যটকৰ সুবিধাৰ বাবে থকা-খোৱা আৰু ট্ৰেকিঙৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে স্থানীয় লোকক। পাহাৰৰ পৰ্যটনৰ বাবে অখিল গগৈয়েও সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে স্থানীয় লোকক। অখিল গগৈয়ে ২৫০০০.০০ টকাৰ ১০ টা টেণ্ট দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।
উল্লেখ যে, কিছুদিন আগতে মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত এহাজাৰ বিঘা মাটি দখলৰ অভিযোগ উঠিছিল। কলিয়াবৰৰ দেওচুৰত সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছৰ আই টি চেলে প্ৰচাৰ কৰা এটা অডিঅ টেপৰ বাবে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ঘটনা পোহৰলৈ অহাৰ পাছতে অখিল গগৈয়ে সোমবাৰে মাটি অধিগ্ৰহণ কৰা বুলি অভিযোগ উঠা ঠাইডোখৰ পৰিদৰ্শন কৰাৰ লগতে বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে মঙ্গলবাবে কাৰ্বি আংলঙৰ সেই স্থানৰ স্থানীয় লোকসকলে সংবাদ মেলযোগে স্পষ্টীকৰণ দিয়ে যে মুখ্যমন্ত্ৰী পত্নীয়ে ১০০০ বিঘা মাটি দখল কৰা বুলি যি প্ৰচাৰ চলিচে, সেয়া সম্পূৰ্ণ মিছা।
এই অপপ্ৰচাৰত জন ইংতি কাঠাৰ আৰু মেনচিং ফাংছ’ জড়িত থকাৰ অভিযোগ তুলি এনে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে।
Discussion about this post