২০২০ চনত নিপীড়িত, শোষিত আৰু অৱহেলিত লোকৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰা এটকীয়া আলোচনী ৰাজপথৰ কবিতাই বিশিষ্ট কবি নীলিম কুমাৰৰ কাব্যগ্ৰন্থ “সেই জন্তুটোৰ নাম কি?” গ্ৰন্থলৈ আগবঢ়াব অসমীয়া কাব্য সাহিত্য বঁটা ২০২৪।
অসমীয়া জাতিৰ বিবেকস্বৰূপ ড° হীৰেণ গোহাঁয়ে দেওবাৰে বিয়লি ৩ বজাত কবিগৰাকীক এই বঁটা প্ৰদান কৰিব বুলি প্ৰকাশন সমিতিৰ সভাপতি প্ৰয়াগ শইকীয়া, সম্পাদক কবিন পাটৰে জনাইছে। সেই জন্তুটোৰ নাম কি শীৰ্ষক কাব্যগ্ৰন্থৰে সমাজখনৰ ভণ্ড শাসকৰ স্খলিত ব্যৱস্থাটোক উদঙাই তুলিবলৈ সক্ষম হোৱা কবি নীলিম কুমাৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে। হীৰেন গোহাঁইৰ ঘৰতে প্ৰদান কৰা হব এই বটাঁ।
Discussion about this post