মল্লযোদ্ধাৰ পৰা ৰাজনীতিবিদ হোৱা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটে নিজৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰথম খোজতে সফলতা অৰ্জন কৰে । হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰে ।
কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা বিনেশে বিজেপিৰ যোগেশ কুমাৰ, আপৰ কবিতা ৰাণী আৰু বৰ্তমানৰ বিধায়ক অমৰজিৎ ধাণ্ডাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । আনহাতে, ইণ্ডিয়ান নেচনেল লোক দলৰ (আই এন এল ডি) সুৰেন্দ্ৰ লাথাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, জুলিয়ানা আসনৰ বাবে ৫ অক্টোবৰত অনুষ্ঠিত ভোটদানত ৭৪.৬৬ শতাংশ ভোট পৰিছিল ।
Discussion about this post