বোকাখাতৰ বিশিষ্ট পখী বিশেষজ্ঞ আৰু টুৰিষ্ট গাইড হিচাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত পৰিবেশ কৰ্মী আবিদুৰ ৰহমানক ২০২৪ চনৰ ‘ট্ৰেভেল অপাৰেটৰ ফ’ৰ টাইগাৰ’ৰ বন্যপ্ৰাণী বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ বন্যপ্ৰাণী সংৰক্ষণ আৰু বহনক্ষম পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আবিদুৰ ৰহমানক অহা ৬ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব লগা সপ্তম ‘ট্ৰেভেল অপাৰেটৰ ফ’ৰ টাইগাৰ’ৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানত বন্যপ্ৰাণী গাইডৰ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা ২০২৪ প্ৰদান কৰা হ’ব ৷
আবিদুৰ ৰহমানলৈ ট্ৰেভেল অপাৰেটৰ ফ’ৰ টাইগাৰে আগবঢ়োৱা সন্মানীয় ‘বিলি অৰ্জন সিং মেম’ৰিয়েল ২০২৪ বঁটা’ই অসমৰ পৰ্যটন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰৰ বাবে সন্মান কঢ়িয়াই আনিছে ৷
Discussion about this post