ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অসম তথা ভাৰতৰ অন্যতম প্ৰতিনিধি হিচাপে উপস্থিত থাকি অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে অসমৰ হীৰকজ্যোতি বৰা।
নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা হীৰকজ্যোতি বৰাই বিগত ২৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰে । বিদেশী আগ্ৰাসনৰ ফলত অসমৰ থলুৱা লোক সন্মুখীন হোৱা সমস্যাৰ লগতে বিদেশী সমস্যাৰ ফলত অসমৰ সামাজিক, সাংস্কৃতিকৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভতো ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ অধিৱেশনত উত্থাপন কৰে বৰাই ৷
তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰিয়ে জড়িত হৈ পৰে সমাজসেৱাত । সাংস্কৃতিক ক্ষেত্ৰৰ সৈতেও জড়িত হীৰকজ্যোতি বৰাই Touch of Humanity নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে ৰক্তদান কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে । শেহতীয়াকৈ অসমৰ বিদেশী নাগৰিকৰ সমস্যাক লৈয়ো সৰৱ হৈ পৰিছে সমাজকৰ্মী হীৰকজ্যোতি বৰা ।
ভাৰতৰ মুঠ পাঁচগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অসমৰ পৰা হীৰকজ্যোতি বৰাসহ মুঠ দুজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Discussion about this post