দ্বিতীয়বাৰলৈ নগাঁৱৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে জন্মভূমি মাৰ্ঘেৰিটাত কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ। পাৱৈৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মীয়ে শোভাযাত্ৰা কৰি লৈ আহে নেতাগৰাকীক মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনলৈ।
ইফালে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত প্ৰিয় নেতাগৰাকীক কাষত পাই আৱেগিক হৈ পৰে বহু দলীয় কৰ্মী। উল্লেখ্য যে, দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে পত্নী ৰাণী বৰদলৈ আৰু পুত্ৰ প্ৰতীক বৰদলৈসহ প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটালৈ আহে।
চাৰিবাৰকৈ মাৰ্ঘেৰিটাৰ বিধায়ক ৰূপে নিৰ্বাচিত হোৱাৰ পাছত ২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হাতত পৰাজিত হৈছিল বৰদলৈ। পৰবৰ্তী সময়ত ২০১৯ ত তেওঁ নগাঁৱৰ পৰা লোকসভাৰ প্ৰাৰ্থিত্ব লাভ কৰে আৰু সমষ্টিটোক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে লোকসভালৈ যায় বৰদলৈ।
কালিৰ দিনটোত কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ ৫ শতাধিক দলীয় কৰ্মীৰে এখন বৈঠকত মিলিত হয়। বৰদলৈয়ে অসম বুৰঞ্জীত মাৰ্ঘেৰিটাৰ ঐতিহাসিক ভূমিকাৰ সম্যক জ্ঞান নাই বুলি বিধায়ক ভাস্কৰ শৰ্মা কটাক্ষ কৰে। সভাত বৰদলৈয়ে তেওঁ বিধায়ক হিচাপে থকাৰ সময়ত গঢ়ি থৈ যোৱা বহু চৰকাৰী অনুষ্ঠান এতিয়া ধ্বংশস্তূপলৈ পৰিণত হোৱাত উদ্বেগ প্ৰকাশ কৰে। তাৰোপৰি তেওঁ ২০২৬ কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰ চৰকাৰ গঠন হ’ব বুলিও মন্তব্য কৰে।
আনহাতে শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈয়ে ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনত মাৰ্ঘেৰিটাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি এক চৰ্চা চলি আছে। এই সন্দৰ্ভত আজি সাংবাদিকে কৰা এক প্ৰশ্নত বৰদলৈয়ে কয় যে, এই সন্দৰ্ভত কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল’ব। এই পৰ্যন্ত তেনেধৰণৰ কোনো আলোচনা নাই হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
Discussion about this post