দেশত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। বিহাৰৰ বক্সাৰত বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’লখন দুৰ্ঘটনাত পতিত হয়।
নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ ৬টাকৈ ডবা লাইনচ্যুত হৈ দুৰ্ঘটনাত পতিত হয়। জানিব পৰামতে এই দুৰ্ঘটনাৰ ফলত ৪ গৰাকী লোক নিহত হয় লগতে আহত হৈছে প্ৰায় ৫০ জন লোক ৷ ।
ইফালে ঘটনাস্থলীত চলি আছে উদ্ধাৰ অভিযান। নৰ্থ-ইষ্টাৰ্ন ৰে’লৱেই ইতিমধ্যে ৫ টা হেল্পলাইন নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে ৯৭৭১৪ ৪৯৯৭১, ৮৯০৫৬ ৯৭৪৯৩, ৮৩০৬১৮২৫৪২, ৭৭৫৯০৭০০০৪ আৰু ৯৭৭১৪২৯৯৬৬।
তদুপৰি ৰেল বিভাগে ৯০০২০৫২৯৫৭ (আলিপুৰদুৱাৰ), ৯২৮৭৯৯৮১৬৬ (ৰঙিয়া), ৯২৮৭৯৯৮১৭৩ (বৰপেটাৰোড), ০৩৬১-২৬৭৪৮৫৭ (কামাখ্যা), ০৩৬১-২৭৩১৬২১/২২/২৩ (গুৱাহাটী), ৯৯৫৭৫৫৩৯১৫ (লামডিং), ৯৯৫৭৫৫৫৯৮৪ ((তিনিচুকীয়া) হেল্পলাইন নম্বৰকেইটা সুকীয়াকৈ মুকলি কৰিছে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত টুইট কৰি কয় – “আনন্দ বিহাৰৰ পৰা কামাখ্যালৈ আহি থকা ১২৫০৬ নম্বৰৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ দবা বাগৰিছে। আমি সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি আছো আৰু স্থানীয় প্ৰশাসন তথা ভিন্ন সংস্থাৰে যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছো।” ইফালে ৰে’ল বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি যাত্ৰীসকলক আন এখন ৰে’লযোগে কামাখ্যা ষ্টেচনলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। ৰে’লখনত মুঠ ১৫২২ গৰাকী যাত্ৰী আছিল বুলি ৰে’ল বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
Discussion about this post