সৃষ্টি স্থিতি বিনাশানাং শক্তিভূতে সনাতনী। গুণাশ্ৰয়ে গুণাময়ে নাৰায়ণী নমোহস্তুতে।।
কালিলৈ দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। প্ৰকৃত পক্ষে দুৰ্গা পূজা দহ দিনীয়া। সেয়ে হ’লেও অনুষ্ঠানিকতা ৰক্ষা কৰি ষষ্ঠীৰ পৰা আৰম্ভ কৰি এই উৎসৱ পাঁচ দিনৰ বাবে আয়োজিত হয়। দুৰ্গা অষ্টমীৰ দিনটো অস্ত্ৰ পূজা হিচাপেও পৰিচিত। কাৰণ এই দিনটো দেৱী দুৰ্গাৰ অস্ত্ৰ সমূহৰ পূজা কৰা হয়। অস্ত্ৰৰ লগতে সমৰ কলাৰ স্মৰণৰ এই দিনটোক বীৰা অষ্টমী নামেৰেও জনাজাত।
হিন্দু বৰ্ষপঞ্জী অনুসৰি আহিন মাহৰ উজ্জ্বল শুক্লা অষ্টমী তিথিকে মহা অষ্টমী হিচাপে পালন কৰা হয়। বিভিন্ন অঞ্চলৰ বিশ্বাস অনুসৰি দুৰ্গা দেৱী নটা ৰূপৰ অন্যতম চামুণ্ডা দেৱী এই দিনা মা দুৰ্গাৰ কপালৰ পৰা আবিৰ্ভাৱ হৈছিল আৰু চণ্ড, মুণ্ড আৰু ৰক্তবিজ (মহিষাসুৰৰ সহযোগী দানব )ক বিনষ্ট কৰিছিল। চৌষষ্ঠী যোগিনী, আৰু অষ্ট শক্তি বা মাতৃকাক এই দিনটোত উপাসনা কৰা হয়। অষ্ট সতী, যি আঠ শক্তি হিচাপেও পৰিচিত, ভাৰতৰ বিভিন্ন অঞ্চলত ভিন্ন ৰূপত এই সকলৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই অষ্ট শক্তি প্ৰকৃততে দুৰ্গাৰেই ভিন্ন ৰূপ। প্ৰতিগৰাকীয়েই নাৰী শক্তিৰ বাৰ্তা বহন কৰাৰ লগতে শক্তিশালী আৰু প্ৰতিটো ৰূপে ভিন্ন ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰে। দুৰ্গা পূজাৰ সময়ত পূজা কৰা অষ্ট শক্তি হ’ল ব্ৰাহ্মণি, মহেশ্বৰী, কৌমাৰী, বৈষ্ণবী, বৰাহী, নৰসিংহী, ইন্দ্ৰাণী আৰু চামুণ্ডা।
Discussion about this post