“মন মেৰি ৰাম চৰণেহি লাগু। তই দেখনা অন্তক আগু॥ মন আয়ু ক্ষণে ক্ষণে টুটে। দেখো প্ৰাণ কোনদিনে ছুটে ।। মন কাল অজগৰে গিলে। জান তিলেক মৰণ মিলে…॥”
কোচবিহাৰৰ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি অহা ১৬ ছেপ্টেম্বৰত মধুপুৰ সত্ৰত বিভিন্ন কাৰ্য্যক্ৰমণিকাৰে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। গুৰুজনাৰ তিৰোভাৱ তিথি পুৱা প্ৰভাত ফেৰীৰ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা হ’ব।
কাৰ্য্যসূচীৰ আন অংশ হিচাপে ৰাতিপুৱা ৮ বজাত নাম-প্ৰসংগ, ১০ বজাত ভাগৱৎ পাঠ আৰু আবেলি ২ বজাত আয়তীসকলৰ দ্বাৰা নাম-প্ৰসংগ কৰা হ’ব। এই উপলক্ষ্যে সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ সঞ্চালনাত আবেলি ২ বজাত এখন ধৰ্মালোচনী সভাৰো অনুষ্ঠিত কৰা হ’ব।
Discussion about this post