কাহ স্বয়ং কোনো ৰোগ নহয়। ই অন্য ৰোগৰ লক্ষণ মাত্ৰ। কাহৰ বাবে দুৰ্বলতাৰ উপৰি ডিঙি, শ্বাসনলী, হাওঁফাওঁ, হৃদযন্ত্ৰ আদিৰ ৰোগ হয়। যক্ষা আৰু হাপানি ৰোগত কাহ এটা মূখ্য লক্ষণ। কাহ দুই ধৰণৰ হয়- শুকান আৰু কফ যুক্ত। শুকান কাহত মুঠেও কফ নাথাকে আৰু অতি কষ্টকৰ ভাৱে সামান্য থু ওলায়। আনহাতে কফযুক্ত কাহত অলপ কাহিলেই কফ ওলায়। জ্বৰ হ’লেও কাহ, চৰ্দি হয়।
কেতিয়াবা কাঁহৰ ঔষধ খায়ো ভাল পোৱা নাযায়৷ এনে অৱস্থাত অতি সহজে পালন কৰিব পৰা কিছুমান প্ৰাকৃতিক নিয়মৰ দ্বাৰাও কাঁহৰ পৰা আপুনি ৰেহাই পাব পাৰে।
শাৰিৰীক অৱস্থাৰ পৰিৱৰ্তন কৰক : অতি বেছি কাঁহ আৰম্ভ হ’লে লগে লগে শাৰিৰীক অৱস্থাৰ পৰিৱৰ্তন কৰিব লাগে। যদি শুই আছে, তেন্তে উঠি বহক। আনহাতে, বহি থাকিলে থিয় হওক। এনে কৰিলে ভাল ফল পোৱা যায়।
পানী খাওক কিন্তু লাহে লাহে : অতিৰিক্ত কাঁহ হ’লে পানী খালে আপুনি আৰাম পাব পাৰে। পানী খালে তৎক্ষণাত কাহ বন্ধ হ’ব কিন্তু পানী লাহে লাহে খাব ।
লং মুখত দিয়ক : সাধাৰণতে আমি আহাৰত লং ব্যৱহাৰ কৰো। লংৰ এক উপকাৰীতা হ’ল লঙে মানুহৰ কণ্ঠনলী পৰিষ্কাৰ কৰি ততালিকে কাহৰ পৰা মুক্তি দিয়ে। লং জুইত পুৰি মৌ মিহলাই চেলেকি খাব লাগে।
আদাৰ ব্যৱহাৰ : আদাৰ গুণ অপৰিসীম। অতিমাত্রা কাহ উঠিলে আপোনাক সকাহ দিব পাৰে। ই এক অত্যন্ত ফলদায়ক পৰীক্ষিত পদ্ধতি।
জালুক ব্যৱহাৰ : জালুক গুটি আৰু মিচিৰি মুখত লৈ থৈ দিলে ডিঙিৰ সুৰসুৰণি বন্ধ হয়। যদি আপুনি পাঁচোটা জালুক এচিকুট শুকান আদা গুৰি কৰি মৌ মিহলাই পুৱা-গধুলি খায় কফ যুক্ত কাহ ভাল হয়।
বুকু ফুলাই উশাহ লোৱা : বুকু ফুলাই উশাহ গ্ৰহণ কৰি লাহে লাহে শ্বাসখিনি এৰি দিয়ক। এই পদ্ধতিয়ে মানুহক শাৰীৰিক আৰু মানসিক প্রশান্তি প্রদান কৰে । ইয়াৰ দ্বাৰা শৰীৰৰ প্ৰতিটো কোষলৈকে অক্সিজেন সৰবৰাহ হয়। ফলত প্ৰতিটো কোষে ভালদৰে নিজৰ কাম সম্পন্ন কৰে।
এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি বৰ সহজে তথা অতি কম সময়ত বিৰক্তিকৰ কাঁহৰ পৰা সকাহ পোৱা যায়। সেয়ে আমি একমাত্ৰ ঔষধৰ ওপৰতে নিৰ্ভৰশীল নহৈ হাতৰ কাষত যি আছে তাৰ সহায় লৈ সুস্থ হৈ থাকিব পাৰো।
অৱশ্যে অহৰহ কাহ হৈ থাকিলে অতি সোনকালে ডাক্তৰৰ পৰাৰ্মশ লোৱাটো প্ৰয়োজন।
Discussion about this post