“কৰম কৰম কহলে/আয়োকৰম কৈ দি কৈসে/আয়ো শাওন ভাদ চইলে গেল/ৰেকুমাৰী ছড়ী কৰম গাড়েৰে…।”
চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পবিত্ৰ উৎসৱ হৈছে কৰম পূজা। কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব। ভাল শস্য আৰু স্বাস্থ্যৰ বাবে উদযাপন কৰা হয় এই পূজা ।
কৰম পূজাত যুৱতীসকলে মুখ্য ভূমিকা লয়। যুৱকসকলেও পূর্ণ সহযোগিতা আগবঢ়ায়। এই পূজাত ভাগ লোৱা যুৱতীসকলক ‘কৰ্মতী’ বোলা হয়। কৰম পূজাৰ প্ৰায় ২০-৩০ দিনৰ আগৰপৰা পূজা অনুষ্ঠিত কৰিবলগীয়া গৃহস্থৰ ঘৰত জীয়ৰী-বোৱাৰীসকলে সদায় সন্ধিয়া তিনি-চাৰি ঘণ্টাকৈ ঝুমুৰ নৃত্য-গীতৰ অনুশীলন কৰে। তদুপৰি তেওঁলোকে পূজাৰ তিনি, পাঁচ বা সাত দিনৰ পূৰ্বে নদীৰ ঘাটলৈ গৈ ধূপ-ধূনা, চাকি-বন্তি জ্বলাই কম দেৱতাক স্তুতি কৰে আৰু লগত নিয়া পাচিত প্রত্যেকে একাজলিকৈ বালি ভৰায়। সেই বালিত কৰ্মতীসকলে মাহ, সৰিয়হ, বুট, ধান আদি সিঁচি দিয়ে। ইয়াকেই ‘ঝাৱা তোলা’ বা ‘ঝাৱা উঠোৱা’ বোলে। এই মাহ, সৰিয়হৰ বীজবোৰ পূজাৰ দিনালৈ অংকুৰিত হয়।
উল্লেখযোগ্য যে ‘ঝাৱা’ তোলাৰ পাছত তাক জগোৱাৰ নিয়ম থাকে। এই নিয়মমতে, পূজাৰ আগেয়ে বৰণ কৰি থোৱা কৰম (চিকা মৰলীয়া) গছজোপাৰপৰা ডাল কাটি আনি সাৰি-মচি থোৱা চোতালত পুতি বেদী সজা হয়। সন্ধিয়া হোৱাৰ লগে লগে মূল পূজা আৰম্ভ হয়। প্ৰথমতে পূজাৰ বেদীত ধূপ, চাকি জ্বলাই পূৰ্বতে তোলা ‘ঝাৱা’সহ ফল-ফুল আদি উছৰ্গা কৰা হয়। তাৰ পাছত কহনী বুঢ়াই (পুৰোহিত) উপৱাসে থকা কৰ্মতীসকলক বহুৱাই লৈ কৰম পূজাৰ প্ৰৱৰ্তক কৰ্মা আৰু ধৰ্মাৰ কাহিনী শুনায়। ইয়াৰ পাছত কৰ্মতীসকলে যাৱতীয় অৰিহণা দি কহনী বুঢ়াক বিদায় দিয়ে আৰু তাৰ লগে লগে আৰম্ভ হয় নৃত্য-গীতৰ বিশেষ অনুষ্ঠান।
ৰাতিপুৱাৰ লগে লগে ডালটো উভালি লৈ কৰ্মতীসকলে ঢোলমাদলৰ ছেৱে ছেৱে নাচি-বাগি গৈ নদী বা পুখুৰীত বিসর্জন দিয়ে।
গধূলি কৰম পূজা কৰা লোকসকলে কৰমডালৰ গাঁতৰ কাষত চাকি-বন্তি জ্বলায় আৰু একো মুঠি মাটিৰে গাঁতটো পুতি পেলায়। এই পর্বক ‘গাড়া ভোতা’ বোলা হয়।
ঝুমুৰ নৃত্য-গীত কৰম পূজাৰ অন্যতম প্রধান উপাদান। শ্রীকৃষ্ণই গোপীসকলক লৈ ৰাসক্রীড়া কৰাৰ দৰে ঝুমুৰ নৃত্যত ৰসিকাই কৰ্মতীসকলক লৈ নানাধৰণৰ নৃত্য-গীত পৰিৱেশন কৰে। ঝুমুৰ নৃত্য-গীতবোৰ যৌৱনোদ্দীপক। এইবোৰৰ মাজেদি প্রেমিক-প্রেমিকাৰ হিয়াৰ গোপন বতৰা প্রকাশ পায়।
কৰম পৰবক বিশেষভাৱে ডেকা-গাভৰুৰ উৎসৱ বুলি কোৱা হয় যদিও ইয়াত বুঢ়া-বুঢ়ীসকলেও ভাগ লৈ ৰং-আনন্দ উপভোগ কৰে।
অসমৰ উপৰিও ভাৰতৰ ঝাৰখণ্ড, পশ্চিম বংগ, বিহাৰ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ওড়িশা আৰু বাংলাদেশতো পালন কৰা হয় এই কৃষিভিত্তিক পূজা ভাগ।
Discussion about this post