অসমৰ মুছলমান সম্প্ৰদায়ৰ লোকক লৈ এখন ৰাজহুৱা সভাত মন্তব্য কৰি বিতৰ্কত সাঙোৰ খাই পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল । এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ । বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ আহ্বান জনাইছে আব্দুল আজিজে ।
এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে মুছলমান সম্প্ৰদায়ত অপৰাধীৰ সংখ্যা অধিক বুলি ৰাজহুৱা সভাত মন্তব্য কৰাৰ লগতে আন কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল আজমলে। সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যৰ পিচতেই বিশেষকৈ অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসম সংখ্যালঘু জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আজমলে অপমান কৰিছে। অসমৰ ৰাজনীতিৰ পৰা বদৰুদ্দিন আজমলক বিদায় দিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে আব্দুল আজিজে ।
লগতে আনৰ ছোৱালী দেখিলে মুছলমান সম্প্ৰদায়ৰ যুৱকৰ তেজ গৰম হোৱা বুলিও আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আব্দুল আজিজে। এই প্ৰসংগত প্ৰত্যেক বস্তুৱেই তেওঁৰ আচলৰ পিনে ঢাল খাই বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে বদৰুদ্দিন আজমল সংখ্যালঘু জনসাধাৰণৰ অভিভাৱক নহয় বুলি মন্তব্য কৰে সংখ্যালঘু নেতাগৰাকীয়ে। আনকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সকলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈয়ো আহ্বান জনায় আব্দুল আজিজে। অসমৰ মুছলমানসকল খাটি খোৱাতহে এক নম্বৰ বুলিও মন্তব্য কৰে আব্দুল আজিজে।
Discussion about this post