কাইলৈ (বৃহস্পতিবাৰ) সমগ্ৰ ভাৰতবাসীয়ে উদযাপন কৰিব ৭৮সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে একাদশবাৰৰ বাবে স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে।
ধাৰাবাহিকভাৱে একাদশবাৰৰ বাবে স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰা নৰেন্দ্ৰ মোডী হ’ব দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে জৱাহৰলাল নেহৰু আৰু তেওঁৰ কন্যা ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে এই দৃষ্টান্ত স্থাপন কৰিছিল। এইবেলি প্ৰধানমন্ত্ৰী মোডীয়ে একেই দৃষ্টতা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুৱে একেৰাহে ১৭ বাৰ স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰিছিল। তেনেদৰে ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ পৰা ১৯৭৬ চনৰ ভিতৰত এঘাৰবাৰ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিছিল। তেওঁ ১৯৮০ৰ পৰা ১৯৮৪ চনৰ ভিতৰত আৰু পাঁচবাৰ স্বাধীনতা দিৱসৰ ভাষণ দিছিল। ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্বাধীনতা দিৱসত ১৬বাৰ দেশবাসীক সম্বোধন কৰিছিল। আনহাতে, প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙেও লালকিল্লাৰ পৰা একেৰাহে ১০বাৰ স্বাধীনতা দিৱসৰ ভাষণ দিছিল।
এইবেলি নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে তেওঁৰ পূৰ্বসূৰীক অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িবলৈ আগবাঢ়িছে। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিছিল। লালকিল্লাৰ পৰা তেওঁ স্বচ্ছ ভাৰত মিছন আৰু জন ধন যোজনাৰ দৰে আঁচনি ঘোষণা কৰিছিল।
ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিজন ভাৰতীয় নাগৰিকে প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্যাপন কৰি আহিছে। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।
Discussion about this post