গুৱাহাটীঃ ৰাজ্যত বনাঞ্চলৰ বৃদ্ধিৰ বাবে ১৭ ছেপ্টেম্বৰত এক কোটি পুলি ৰোপণৰ বাবে অসম চৰকাৰৰ অভিলাষী ‘অমৃত বৃক্ষ আন্দোলন‘ বিক্ৰেতাসকলে যোগান ধৰা গছপুলিৰ নিম্নমানৰ বাবে বিপদত পৰিছে।
নাম প্ৰকাশ নকৰাকৈ বিষয়াসকলে জনোৱা মতে, কেইবাটাও ক্ষেত্ৰ প্ৰতিবেদনত অসমৰ ষ্টকিং পইণ্টলৈ যোগান ধৰা গছপুলিবোৰ বিক্ৰেতা আৰু অসম বন বিভাগৰ মাজত স্বাক্ষৰিত চুক্তিৰ বিশেষ চৰ্ত (এছচিচি)ত উল্লেখ কৰা গুণগত মানদণ্ডৰ সৈতে মিল নাই ।
এছ চি চিয়ে নিৰ্দিষ্ট কৰি দিছে যে পুলিৰ পলি বেগৰ আকাৰ নূন্যতম ৬×৪ ইঞ্চি হ’ব লাগিব। অৱশ্যে ইয়াৰ বিপৰিতে দেখা গৈছে যে পুলিৰ পলি বেগৰ আকাৰ বেছিভাগেই ৩×২ ইঞ্চি ৰ। প্ৰয়োজনীয় আকাৰতকৈ ই যথেষ্ট সৰু, আৰু ইয়াৰ ফলত পুলিৰ বৃদ্ধি আৰু জীয়াই থকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে।
ইয়াৰ উপৰিও পাতল পলি বেগৰ বাবে পুলিৰ ক্ষতিও হ’ব পাৰে আৰু পুলিবোৰ ৰোগৰ প্ৰতি অধিক আকৰ্ষিত হ’ব পাৰে।
বিষয়াসকলৰ মতে, চুক্তিৰ চৰ্ত অনুসৰি এনে পুলি প্ৰত্যাখ্যানৰ বাবে দায়বদ্ধ। এছচিচিয়ে উল্লেখ কৰিছে যে নিৰ্দিষ্ট গুণগত মান পূৰণ নকৰা যিকোনো পুলিৰ বাবে বিক্ৰেতাসকল দায়বদ্ধ হ’ব। অৰ্থাৎ বিক্ৰেতাসকলে পুলি সলনি কৰিব লাগিব বা ধনখিনি অসম বন বিভাগক ঘূৰাই দিব লাগিব।
ইতিমধ্যে একাংশ সংমণ্ডল বন বিষয়াই (ডি এফ অ’) গছপুলিৰ পলিথিনৰ নিম্নমানৰ কথা আঙুলিয়াই দিছে। অৱশ্যে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে কথাটো গুৰুত্ব সহকাৰে লৈছে।
‘অমৃত বৃক্ষ আন্দোলন’ ৰাজ্যৰ বনাঞ্চল বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ।
Discussion about this post