পুনৰ অসম চৰকাৰৰ ১২,৬০০ পদ মুকলি –
ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ১২,৬০০ খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে অহা ১০ নৱেম্বৰৰ পৰা বিভিন্ন পদৰ বাবে আবেদন কৰিব পাৰিব। এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলক লিখিত আৰু স্কীল টেষ্টৰ লগতে সাক্ষাত্কাৰৰ জড়িয়তেহে নিযুক্তি দিয়া হ’ব।
উল্লেখ্য যে, চৰকাৰে তৃতীয় বৰ্গৰ বাবে ৭৬০০টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে ৫০০০টা পদ মুকলি কৰিছে।
আবেদনৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা –
তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলৰ ন্যূনতম শিক্ষাগত অৰ্হতা তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে। কেটেগৰী–১ত ৪,০৫৫টা পদৰ বাবে প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা স্নাতক ডিগ্ৰীৰ হোৱাৰ লগতে কম্পিউটাৰৰ চাৰ্টিফিকেট/ডিপ্লমা থকা প্ৰয়োজনীয় হ’ব। কেটেগৰী–২ৰ ৩,১২৭টা পদৰ বাবে ন্যূনতম অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। কেটেগৰী–৩ৰ (ড্ৰাইভাৰৰ পদ) ৪১৮টা পদৰ বাবে অৰ্হতা ন্যূনতম মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে এলএমভি (LMV) চালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব।
ইয়াৰোপৰি, তৃতীয় বৰ্গৰ একাংশ পদত কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্ল’মাসহ ষ্টেন’গ্ৰাফীৰ চাৰ্টিফিকেটও থাকিব লাগিব। কিছুসংখ্যক পদৰ বাবে প্রার্থী বিজ্ঞান বিভাগত দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। আন কিছুসংখ্যক পদত প্ৰাৰ্থীৰ লাইব্ৰেৰী ছায়েন্সত স্নাতক ডিগ্ৰীৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্ল’মা থাকিব লাগিব।
চতুৰ্থ বৰ্গৰ ৫০০০টা পদৰ ভিতৰত ১,৯৫০টা পদৰ বাবে প্রার্থীসকলে ন্যূনতম অষ্টম শ্ৰেণীলৈ পঢ়া হ’ব লাগিব। আনহাতে, ১০৬০টা পদৰ বাবে প্ৰাৰ্থীসকলে মেট্রিক অথবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। বাকী ১,৯৯০টা পদৰ বাবে প্ৰাৰ্থী মেট্ৰিকৰ লগতে ITIৰ পৰা উত্তীৰ্ণ হ’ব লাগিব।
আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰসীমা –
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এই পদসমূহত আবেদন কৰিবৰ বাবে প্ৰাৰ্থীৰ বয়স চলিত বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হ’ব। ST/SC প্ৰাৰ্থীৰ বয়স ৫ বছৰ ৰেহাই দিয়া হ’ব। আনহাতে, OBC/MOBC প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৩ বছৰৰেহাই পাব। আনহাতে, প্ৰাক্তন কৰ্মচাৰীয়ে ২ বছৰৰ বয়সৰ সময়সীমা ৰেহাই থাকিব। বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে বয়সৰ ক্ষেত্ৰত ১০ বছৰ পৰ্যন্ত ৰেহাই পাব।
আবেদন কি দৰে কৰিব –
আবেদন অনলাইনযোগে কৰিব লাগিব। প্ৰাৰ্থীসকলে www.assam.gov.in আৰু www.sebaonline.org ৱেবছাইটৰ যোগেদি আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৯ ডিচেম্বৰ। মন কৰিবলগীয়া যে, এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীসকল ভাৰতীয় নাগৰিক হোৱাটো বাঞ্চনীয়। অসম সেৱাবিধি ২০১৭ অনুসৰি প্ৰাৰ্থীসকলক দৰমহা দিয়া হ’ব।
Discussion about this post