২০২৩ বৰ্ষৰ ১৭ ছেপ্টেম্বৰত একে দিনাই অসম চৰকাৰৰ উদ্যোগত সমগ্ৰ অসম জুৰি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ১ কোটি গছপুলি ৰোপণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ অসম চৰকাৰে ‘এজুপি গছ মাৰ নামত’ ( Ek Ped Maa Ke Naam) – এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলন ২.০ পুনৰ আৰম্ভ কৰিছে। এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ’ব গছপুলি। এইবাৰ অমৃত বৃক্ষ আন্দোলন ২.০ ত ৰাজ্য চৰকাৰে ৩ কোটি গছপুলি ৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰোপৰি অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষ ক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা। একেদৰে বাণিজ্যিক বৃক্ষ ৰোপণৰ প্ৰসাৰ কৰা, ৰাজ্যৰ সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ খণ্ডৰ উন্নয়ন সাধন কৰা। বহনক্ষম উন্নয়নৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
কিন্তু তাৰ সমান্তৰালকৈ বিগত বছৰৰ অমৃত বৃক্ষ আন্দোলনক লৈ অব্যাহত আছে বিতৰ্ক। বিগত বছৰত ৰোপণ কৰা গছপুলিসমূহৰ অৰ্ধেক সংখ্যকৰো অধিক জীৱিত অৱস্থাত নাই। কিন্তু এনে বহু বিতৰ্কৰ মাজতো অমৃত বৃক্ষ আন্দোলনক সফল কৰি তুলিবলৈ সক্ষম হৈছে মাজবাট আঞ্চলিক বন বিভাগে। মাজবাট আঞ্চলিক বন বিভাগে অশেষ কষ্ট স্বীকাৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে এখন ক্ষুদ্ৰ অৰণ্য গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে।
Discussion about this post