এক কৰুণ ঘটনা (Tragic Incident)। শাহু মাকৰ শেষকৃত্য সম্পন্ন কৰাৰ পাছতে মৃত্যুক সাৱটিলে জোঁৱায়েকে। গোৱালপাৰা (Goalpara) জিলাৰ কৃষ্ণাইৰ আশুডুবিত সংঘটিত হৈছে এই কৰুণ ঘটনা। বুধবাৰৰ নিশা শাহু মাকৰ মৃত্যুৰ খবৰ পাই বৃহস্পতিবাৰে পুৱাই শাহুৰ ঘৰলৈ ঢাপলি মেলিছিল গুৱাহাটীৰ (Guwahati) ওদালবাক্ৰা (Udalbakra) নিবাসী জোঁৱাই প্ৰবীৰ সূত্ৰধৰে।
ইয়াৰ পাছতে উপস্থিত হৈছিল গোৱালপাৰাৰ (Goalpara) কৃষ্ণাই আশুডুবিস্থিত শাহু আইৰ ঘৰত। বৈদিক ৰীতি অনুসৰি স্থানীয় শ্মশানত শাহু আইৰ নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি বিয়লি প্ৰায় ২ বজাত কাষতে থকা কৃষ্ণাই নৈত ভাগিনৰ সৈতে গা ধুবলৈ গৈছিল প্ৰবীৰে।
তেনে অৱস্থাতে সাঁতোৰ নজনা প্ৰবীৰ সূত্ৰধৰে ভাৰসাম্যতা হেৰুৱাই থিয় গড়াৰ পৰা নৈত পিছলি পৰি দ’ পানীত ডুব গৈ সন্ধানহীন হয়। পিছত কৃষ্ণাই আৰক্ষীয়ে এছ ডি আৰ এফৰ সহায়ত সন্ধানহীন লোকজনক।
Photo & Input: Khatang Khobor




























Discussion about this post